নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ গুৱাহাটী

🔹 স্বচ্ছ সর্বেক্ষণ ২০২৪–২৫ সমীক্ষাৰ তথ্য

বিশেষ বাৰ্তা, ১৮ জুলাই : উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীয়ে স্বচ্ছ সর্বেক্ষণ ২০২৪–২৫ সমীক্ষাত আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰে৷

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি লিখিছে– গুৱাহাটী তথা অসমবাসীৰ বাবে এটা ভাল লগা খবৰ৷ স্বচ্ছ সর্বেক্ষণ ২০২৪–২৫ৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ–পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে৷ এখন স্বচ্ছ আৰু পৰিষ্কাৰ চহৰ হিচাপে গুৱাহাটীক গঢ়ি তুলিবলৈ আমি বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছোঁ আৰু এই স্বীকৃতিয়ে তাৰেই অন্যতম সুফল৷ আমি গুৱাহাটীকে ধৰি অসমৰ প্রতিটো অঞ্চলকে এনে যাত্রাত সামৰি ল’বলৈ অনাগত সময়তো কাম কৰি যাম৷

উল্লেখ্য যে অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰবান ট্রেন্সফৰমেচন, চমুকৈ আমৰট চহৰ হিচাপে গুৱাহাটীৰ লগতে শিলচৰ, নগাঁও আৰু ডিব্রুগড় আৱর্জনামুক্ত চহৰ হিচাপে পৰিগণিত হৈছে এই সমীক্ষাত৷ আনহাতে ২০২৪–২৫ বর্ষৰ স্বচ্ছ সর্বেক্ষণ সমীক্ষাত গুৱাহাটীৰ লগতে উত্তৰ লখিমপুৰকো পৰিষ্কাৰ চহৰ হিচাপে সন্মানিত কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৬খন চহৰে অ’ডিএফ প্লাছ প্রমাণ–পত্র লাভ কৰাৰ লগতে গুৱাহাটীক উত্তৰ–পূবৰ পৰিষ্কাৰ চহৰ হিচাপে নির্বাচিত কৰা হৈছে৷ বিগত বর্ষতকৈ গুৱাহাটীয়ে এই শিতানত কেইবাটাও স্থান অতিক্রম কৰি ওপৰলৈ আহিবলৈ সক্ষম হৈছে৷ আনহাতে ৰাজ্যৰ ৪খন চহৰ ক্রমে গুৱাহাটী, শিলচৰ, নগাঁও আৰু ডিব্রুগড়ে জাবৰমুক্ত চহৰ হিচাপে এক নম্বৰ ৰেংকিঙত স্থান লাভ কৰিছে৷ পূর্বে এইকেইখন চহৰে অ’ডিএফ প্লাছৰ ৰেংকিঙত স্থান লাভ কৰা নাছিল৷ এইক্ষেত্রত সর্বাধিক পৰিষ্কাৰ–পৰিচ্ছন্ন ক্ষেত্রত দেশৰ আহমেদাবাদ চহৰক নির্বাচিত কৰা হৈছে৷ ইয়াৰ পিছতে আছে ভূপাল আৰু লক্ষ্ণৌ চহৰ৷

গুৱাহাটী মহানগৰীয়ে স্বচ্ছ সর্বেক্ষণ ২০২৪ৰ ৰাষ্ট্রীয় পর্যায়ৰ বঁটা লাভ কৰাৰ পাছতে কালি নতুন দিল্লীত আয়োজিত স্বচ্ছ সর্বেক্ষণ বঁটা প্রদান অনুষ্ঠানত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকি এই বঁটাসমূহ গ্রহণ কৰে৷ এইক্ষেত্রত মেয়ৰ শৰণীয়াই গুৱাহাটীৰ প্রতিগৰাকী নাগৰিকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি উল্লেখ কৰিছে যে গুৱাহাটীবাসীৰ সক্রিয় অংশগ্রহণ আৰু পৰামর্শই হৈছে এই সাফল্যৰ মূল চাবিকাঠী৷ এই বঁটা কেৱল এক সন্মানেই নহয়, এয়া হ’ল ভৱিষ্যতেও এখন স্বচ্ছ, সেউজ আৰু অন্তর্ভুক্তিমূলক গুৱাহাটী চহৰ গঢ়ি তোলাৰ এক অনুপ্রেৰণা৷

You might also like