নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়োজন নাথাকিলে ঘৰৰ পৰা নোলাবলৈ গুৱাহাটীবাসীলৈ আহ্বান কামৰূপ মহানগৰ প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰবাসীক অপ্রয়োজনত ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাইছে৷ একে সময়তে ভূমিস্খলন প্রৱণ অথবা জলমগ্ন অঞ্চলসমূহৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবলৈও মহানগৰবাসীক আহ্বান জনাইছে প্রশাসনে৷ সমান্তৰালভাৱে যিকোনো জৰুৰী অৱস্থাৰ বাবে মহানগৰবাসীক যোগাযোগৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে৷ কামৰূপ মহানগৰ জিলা প্রশাসনে জৰুৰী অৱস্থাৰ সৃষ্টি হ’লে গুৱাহাটী ৰাজহ চক্র বিষয়াক ৯৫০৮২–০৯৬৮৬, দিছপুৰ ৰাজহ চক্র বিষয়াক ৮৩৭৬০–২৯৯৮৪, ডিডিএমএৰ গুৱাহাটীৰ ফিল্ড অফিচাৰক ৯৭০৭৭–২৭৪২২ অথবা দিছপুৰৰ ডিডিএমএৰ ফিল্ড অফিচাৰক ৮৮৭৬০–৮৬৪৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি প্রশাসনৰ ট’লফ্রী নম্বৰ ১০৭৭/৯৩৬৫৪–২৯৩১৪ নম্বৰটো মহানগৰবাসীয়ে যোগাযোগ কৰিবলৈ প্রস্তুত৷ এক বিবৃতিত কামৰূপ মহানগৰ জিলা প্রশাসনে কয় যে যিকোনো পৰিস্থিতিত গুৱাহাটীবাসীক সহায় কৰিবলৈ তেওঁলোক প্রস্তুত হৈ আছে৷

You might also like