নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয় নিশ্চিত জানি হাগ্রামাই দাদাগিৰি কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে

গোসাঁইগাঁৱত ইউপিপিএলৰ বাইক ৰেলীত প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ‘বিগত ১৭ বছৰে ৰাইজক আভুৱা–ভাঁৰা বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে এতিয়াও মিছা কথা ক’বলৈ এৰা নাই৷ কিন্তু এইবাৰ আৰু হাগ্রামা মহিলাৰীৰ কথাত ৰাইজে বিপিএফৰ টেঙা আম ক্রয় নকৰে৷ ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে৷ যাৰ বাবে বিটিআৰৰ হাজাৰ হাজাৰ লোক ইউ পি পি এলৰ সৈতে স্বতঃস্ফূর্তভাৱে ওলাই আহিছে৷ –এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ৷ গোসাঁইগাঁও মহকুমাৰ অন্তর্গত তথা বিটিচিৰ চাৰি নম্বৰ যমদুৱাৰ পৰিষদীয় সমষ্টিৰ মাকতাইগাঁৱত এক বিশাল বাইক ৰেলী সম্বোধন কৰি ইউপিপিএলৰ সভাপতি বড়ো, প্রাক্তন কার্যবাহী সদস্য আৰু যমদুৱাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী ৰেওৰেয়া নার্জিহাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে যমদুৱাৰ সমষ্টিৰ পৰা দুবাৰকৈ জয়ী হৈ কার্যবাহী সদস্যৰ দায়িত্ব লাভ কৰা ৰেওৰেয়া নার্জিহাৰীয়ে সমষ্টিবাসীৰ বাবে একো নকৰি অকল নিজৰ সম্পত্তি গঢ়িছে৷ ৰাইজৰ উন্নয়নৰ কাম নকৰা দুর্নীতিপৰায়ণ নেতাজনে নিজৰ সম্পত্তিৰ উন্নয়নতহে গুৰুত্ব দিছে৷ এইবাৰ ধনৰ বলত ৰাইজৰ ভোট আদায়ৰ চেষ্টা চলাইছে৷ নির্বাচনৰ প্রাক্ক্ষণত মন্দিৰ, গির্জা আদিত ধন দি ৰাইজৰ সহানুভূতি আদায়ৰ চেষ্টা চলাইছে যদিও ধনৰ ৰাজনীতিক ৰাইজে প্রশ্রয় নিদিয়ে৷ ইউপিপিএলৰ সভাপতিজনে পুনৰ কয় যে নির্বাচনত পৰাজয় নিশ্চিত জানিব পাৰি হাগ্রামা মহিলাৰীয়ে দাদাগিৰি কৰি নির্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা চলাইছে৷ বিপিএফে মদ–ভাঙৰ ৰাজনীতি কৰি যুৱপ্রজন্মক ধ্বংস কৰিব বিচাৰিছে৷ ইয়াৰ বিপৰীতে ইউ পি পি এলে যুৱকসকলৰ জীৱন গঢ়াতহে গুৰুত্ব দিছে৷ বিগত ১৭ বছৰ শাসন চলোৱা বিপিএফে লাফিকুলৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি সকলো দুর্নীতিৰ হিচাপ দিব লাগিব আৰু দুর্নীতিত লিপ্ত সকলো নেতাই জে’লত যাব লাগিব বুলি দৃঢ়তাৰে কয় ইউ পি পি এলৰ সভাপতি বড়োৱে৷ উল্লেখ্য যে আজি পুৱা গোসাঁইগাঁও মহকুমাৰ ডিংডিঙাৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো শুভ উদ্বোধন কৰে ইউ পি পি এলৰ কেন্দ্রীয় সম্পাদক উইলছন হাছদাই৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গোসাইগাঁও জিলা সভাপতি তথা চাৰি নম্বৰ যমদুৱাৰ সমষ্টিৰ দলীয় প্রার্থী জিৰণ বসুমতাৰী, পাঁচ নম্বৰ শৰাইবিল সমষ্টিৰ প্রার্থী চিলা বসুমতাৰী, তিনি নম্বৰ শ্রীৰামপুৰ সমষ্টিৰ প্রার্থী নুৰ মহম্মদ, কেন্দ্রীয় সাংগঠনিক সম্পাদক নুৰ আলমসহ কেইবাজনো নেতা৷ বাইক ৰেলীটো ডিংডিঙাৰ পৰা আৰম্ভ কৰি শ্রীৰামপুৰ, শিমুলটাপু, জাৰাগুৰি, মাকতাইগাঁও, কচুগাঁও, গাম্বাৰীবিল, ভাওৰাগুৰি, গোসাঁইগাঁও আদি এলেকা পৰিভ্রমণ কৰে৷
শালবাৰী সমষ্টিৰ কলবাৰীত ইউপিপিএলৰ বিশাল নির্বাচনী জনসভা
ইউ পি পি এলৰ প্রার্থী বিনোদ মছাহাৰীৰ সমর্থনত শালবাৰী সমষ্টিৰ কলবাৰী খেলপথাৰত আজি অনুষ্ঠিত হয় এখন বিশাল নির্বাচনী সভা৷ ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যগেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত নির্বাচনী সভাখনত ভাষণ দি ইউ পি পি এলৰ উপ–সভাপতি তথা বিটিচিৰ প্রাক্তন বিৰোধী দলপতি ৰণগৌৰা নার্জাৰীয়ে কয় যে ‘বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ লগতে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ এতিয়া মতিভ্রম হৈছে৷ যাৰ বাবে ইউ পি পি এলৰ বিৰুদ্ধে বিটিআৰ চুক্তিৰ বিৰুদ্ধে বিভিন্ন মন্তব্য দি ৰাইজক বিভ্রান্ত কৰিব বিচাৰিছে৷ হাগ্রামা মহিলাৰী তথা বিপিএফ আৰু সাংসদ নৱ কুমাৰ শৰণীয়া তথা গণ সুৰক্ষা পার্টীয়ে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি ৰাইজৰ মাজত ভুল ব্যাখ্যা কৰিছে৷ বিটিআৰ চুক্তিৰ ওপৰত ভুল ব্যাখ্যাৰে ৰাইজক ভয়–ভাবুকি দেখুৱাই হাগ্রামা মহিলাৰী আৰু সাংসদ নৱ শৰণীয়াই ৰাইজৰ পৰা ভোট আদায় কৰিব বিচাৰিছে বাবেই দুয়োটা দলকেই প্রত্যাখ্যান কৰিছে৷ যাৰ ফলত বিটিআৰত বিভিন্ন জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে দলে–বলে মুকলিভাৱে ওলাই আহি ইউ পি পি এলত যোগদান কৰা প্রক্রিয়া অব্যাহত ৰাখিছে৷ এইবাৰ বিটিআৰত ইউ পি পি এলৰ চৰকাৰ হ’ব৷ কাৰণ ৰাইজেই সিদ্ধান্ত লৈছে ইউ পি পি এলৰ চৰকাৰ গঠন কৰি দিবলৈ৷’ ৰণগৌৰা নার্জাৰীয়ে তেওঁৰ উদাত্ত ভাষণত পুনৰ কয় যে ‘বিটিআৰ চুক্তি সন্দর্ভত সাংসদ নৱ শৰণীয়াৰ ধাৰণা একেবাৰেই ভুল৷ কিন্তু তেওঁৰ ভুল ব্যাখ্যা, মিছা কথাত এতিয়া ৰাইজ ভোল নাযায়৷ নৱ কুমাৰ শৰণীয়াই বডো–বডোৰ নামত কৰা নিকৃষ্ট ৰাজনীতিও শেষ হৈ গ’ল৷ বিটিআৰৰ সকলো জনগোষ্ঠীৰ ৰাইজে এইবাৰ বুজি পাইছে যে বিটিআৰ চুক্তিৰে ইউ পি পি এলে বিটিআৰত শান্তি, সমন্বয়, উন্নয়নৰ ৰাজনীতি কৰিছে৷ সভাত ভাষণ দি ইউ পি পি এলৰ মুখপাত্র ধীৰাজ ডেকাই কয় যে ‘বিটিআৰ চুক্তিখনক সন্মান জনাব লাগে৷ কাৰণ এই চুক্তিখনে অসমখন দ্বিখণ্ডিত নকৰে৷ বিটিআৰ চুক্তিয়ে অসমৰ ভৌগোলিক চাৰিসীমা অক্ষুণ্ণ ৰাখিছে৷ বিটিআৰ চুক্তি অনুযায়ী বিটিআৰত অসমীয়া ভাষাকো বাধ্যতামূলক কৰি অসমীয়া ভাষা–সাহিত্য–সাংস্কৃত্ সন্মান দিয়া হৈছে৷ বিটিআৰ চুক্তিৰ জৰিয়তে ইউ পি পি এল দলে বিটিআৰত শান্তি, নিৰাপত্তা আনিছে৷ আৰু কেইটামান দিনৰ পিছতে উন্নয়নৰ ধাৰাবাহিকতাৰ দুৱাৰ মুকলি হ’ব৷ জনসভাত ভাষণ দি ইউপিপিএলৰ প্রার্থী বিনোদ মছাহাৰীয়ে শালবাৰী সমষ্টিত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে৷ ইউ পি পি এলৰ যুৱ নেতা সত্যজিৎ বডোৱে আঁত ধৰা জনসভাত প্রাক্তন এন ডি এফ বি নেতা বি আৰ ফেৰেংগা, ইউ পি পি এলৰ সংখ্যালঘু কোষৰ সভাপতি সভাপতি হানিফ আলী আহমেদেও ভাষণ দিয়াৰ লগতে দলৰ কেন্দ্রীয় নেতা–নেত্রী ক্রমে প্রদীপ সৰকাৰ, সুৰেশ সৰকাৰ, জহুৰা খাতুন, কনক চন্দ্র বডো, জোনালী পাঠক, ছাহাদত হুছেইন, সদাগৰ বাদশ্বাহ, সুশীল দাস, গৌৰচান্দ দাস, সবিতা ৰামচিয়াৰী, চিলাৰায় বসুমতাৰী, আইগাৰামৱাৰী, বিশিষ্ট অভিনেতা ফৈলা জে বৰগয়াৰীকে ধৰি কেইবাগৰাকী নেতা–নেত্রীয়ে উপস্থিত থাকে৷ উল্লেখ্য যে উক্ত জনসভাতেই প্রাক্তন এন ডি এফ বিৰ বিত্ত সম্পাদক বি দৈমালু, প্রচাৰ সম্পাদক আই চুলুং, শিক্ষা সম্পাদক এন সুজুগিৰি, ছার্জেণ্ট মেজৰ ডি কুজুলাং, শিক্ষা সম্পাদক ডব্লিউ ৰাদাবচকে ধৰি ৯৪৮গৰাকী প্রাক্তন এন ডি এফ বি (এছ)ৰ সদস্য আৰু বিশিষ্ট সংগীত শিল্পী সঞ্জীৱ তালুকদাৰৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ১১৬৭ পুৰুষ–মহিলাসহ মুঠ ২১১৫গৰাকীয়ে ইউ পি পি এলত যোগদান কৰে৷

You might also like