নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবলৰ ৰাজপুত্রলৈ শ্রদ্ধাঞ্জলি প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ভৰিৰ যাদুৰে বিশ্বৰ অগণন ফুটবল অনুৰাগীক সন্মোহিত কৰা আর্জেণ্টিনাৰ মহানায়ক ডিয়েগো মাৰাডোনালৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ যোৱানিশা হূদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লোৱা ৬০ বছৰীয়া প্রাক্তন ফুটবলাৰগৰাকীক ফুটবলৰ যাদুকৰ আখ্যা দি ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়্ কয় যে ফুটবলৰ পথাৰত চমকপ্রদ প্রদর্শনেৰে মাৰাডোনাই সমগ্র বিশ্বত বিপুল জনপ্রিয়তা অর্জন কৰিছিল৷ স্বর্ণিল কেৰিয়াৰত তেওঁ ফুটবল অনুৰাগীক কেইবাটাও স্মৰণীয় মুহূর্ত উপভোগৰ সুযোগ দিছিল৷ তেওঁৰ আকস্মিক মৃত্যুৱে আমাক ব্যথিত কৰিছে৷

ইফালে, ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে কয় যে শৈশৱত তেওঁ মাৰাডোনাৰ যাদুকৰী ফুটবলশৈলী উপভোগ কৰি নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়েও ফুটবল কিংবদন্তিগৰাকীৰ মৃত্যুত এটা যুগৰ অৱসান ঘটা বুলি উল্লেখ কৰিছে৷

You might also like