নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ তৃতীয় প্ৰবাহ

বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি কেইবাটাও সংগঠনে ক’ভিড–১৯ক লৈ জনসাধাৰণক বেপৰোৱা নহ’লৈ আহ্বান জনাই আছিল৷ কিন্তু সেই সাৱধাবাণীলৈ লাহে লাহে মানুহে কেৰেপ নকৰা হ’ল৷ ইয়াৰ পৰিণতিত এতিয়া বিশ্বজুৰি অতিমাৰী ভাইৰাছটোৰ তৃতীয় প্রৱাহ আৰম্ভ হৈছে৷ প্রতিদিনে নকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ এতিয়া উপায় নাপাই বিশ্বৰ বহু দেশে পুনৰ লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা হাতত ল’লৈ বাধ্য হৈছে৷

ভাইৰাছটোৰ পৰা সুৰক্ষিত কৰি ৰাখ্বিলৈ ঘৰৰ ভিতৰত বন্দী কৰি ৰাখ্বিলৈ বাধ্য হৈছে৷ ইয়াৰ কুফল বিশ্বৰ অর্থনীতিত পৰিব। মানুহৰ জীৱন–জীৱিকাত পৰিব৷ পৰিস্থিতি যদি নিয়ন্ত্রণৰ বাহিৰলৈ যায়, ইতিমধ্যে ভাগি যোৱা অর্থনীতিৰ পুনৰুদ্ধাৰ অতি কঠিন হৈ পৰিব৷ অকল সেয়াই নহয়, মৃত্যুৱেও মানৱ সভ্যতাক উপহাস কৰি জীৱনৰ সৈতে খেলা কৰিব৷ ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশ ভয়ংকৰ অৱস্থা এটালৈ গতি কৰিছেই৷ ক’ৰোনামুক্ত জাপানত শেহতীয়াকৈ প্রতিদিনে সহস্রাধিক লোক নতুনকৈ আক্রান্ত হ’লৈ ধৰিছে৷ জার্মানীত সংক্রমণ ইমানেই ভয়াৱহ হৈছে যে তাত পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ২৬ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ দেশখনত লকডাউন চলিব৷ ফ্রান্সতো চলিত সপ্তাহৰ শেষৰ পৰা তিনিটা পর্যায়ত লকডাউন বলৱৎ কৰা হ’ লি ইতিমধ্যে ঘোষণা কৰা হৈছে৷ দেশখনত নৈশ সান্ধ্য আইন জাৰি হৈছেই৷ ইণ্ডোনেছিয়া, ৰাছিয়া, ইৰান, আমেৰিকা, আফ্রিকা সকলোতে এতিয়া তৃতীয় প্র্বাহৰ ৰুদ্র ৰূপ দেখা গৈছে৷ ভাইৰাছিবধৰ এই মহাসংক্রমণে পৃথিৱীখনক ক’লৈ লৈ যায়, সেয়া আজিৰ তাৰিখত বিশ্বৰ বহু লোকৰ কোব দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে৷ কিয়নো, অতিমাৰী ভাইৰাছটোক পৰাজিত কৰ্বি পৰাকৈ অদ্যাপি বিশ্বৰ কোনো এখন দেশেই ভেকচিন  দৰব উলিয়াবলৈ সক্ষম হোৱা নাই৷

ক’ভিড–১৯ৰ এই ভয়াৱহ ছিবখনৰ পৰা ভাৰত্বর্ষও মুক্ত নহয়৷ বিগত কিছুদিনৰ পৰা দেশখনতো ভাইৰাছিবধৰ তৃতীয় প্র্বাহ আৰম্ভ হৈছে৷ নতুন দিল্লীত বিগত এসপ্তাহত প্রায় ৪৫ হাজাৰ লোক ক’ৰোনাত নতুনকৈ আক্রান্ত হৈছে৷ কেৰালাতো বিগত সপ্তাহটোত নকৈ আক্রান্তৰ সংখ্যা প্রায় ৪০ হাজাৰ৷ মধ্য প্রদেশত বিগত সপ্তাহটোত প্রায় ৩৯ শতাংশ সংক্রমণ বৃদ্ধি পাইছে৷ ক’ৰোনাৰ এই নৱ সংক্রমণ ৰোধৰ বাবে মধ্য প্রদেশৰ ভূপাল, গোৱালিয়ৰ, ইন্দোৰ, জ্বলপুৰ, গুজৰাটৰ আহমেদাবাদ, চুৰাট, ৰাজকোট আদি চহৰত নৈশ সান্ধ্য আইন জাৰি হৈছে৷ প্রয়োজন সাপেক্ষে তাত অধিক কঠোৰ ৱস্থাও গ্রহণ কৰা হ’ পাৰে৷ অসমত অৱশ্যে ক’ভিড–১৯ৰ তৃতীয় প্র্বাহৰ কোনো লক্ষণ পৰিস্ফুট হোৱা নাই৷ ৰাজ্যখনত প্রতিদিনে ক’ৰোনাত আক্রান্ত আৰু মৃতকৰ সংখ্যা আশাতীতভাৱে হ্রাস পাই আহিছে৷ ইয়াৰ বিপৰীতে জাৰ–সমাৰ, নিৰ্বাচনী সভা আদিত মানুহৰ ভিৰ বৃদ্ধি পাই আহিছে৷ এইটো শুভ লক্ষণ নহয়৷ জাপানৰ দৰে দেশত ভাইৰাছিবধৰ পুনৰ আিবর্ভাৱ ঘটিছে৷ দেশখনৰ জনসাধাৰণ যথেষ্ট সজাগ আৰু সামাজিকভাৱে দায়্বদ্ধ৷ তদুপৰি দেশখনৰ স্বাস্থ্য সেৱাও অসমৰ তুলনাত হু উন্নত৷ গতিকে অসমতো ক’ভিড–১৯ৰ তৃতীয় প্র্বাহে টোকৰ মাৰিব পাৰে, সেই সম্ভাৱনাক নাকচ কৰ্বি নোৱাৰি৷

ইফালে, দেশখনত ক’ৰোনা ভাইৰাছৰ নতুন ৰূপত ঘটা ব্পযাক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে সান্ধ্য আইন জাৰিৰ ক্ষমতা পুনৰ ৰাজ্য চৰকাৰৰ হাতলৈ তুলি দিছে৷ অর্থাৎ দেশখনত ক’ৰোনাসৃষ্ট পৰিস্থিতি ভ্বাতকৈ অধিক ভয়ংকৰ৷ অধিক ভয়াৱহ৷ ইয়াৰ পৰা সুৰক্ষিত হৈ থাক্বিলৈ হ’লে দেশ্বাসীয়ে ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি চল্বিই লাগ্বি৷ সামাজিক দূৰত্ব, মাস্ক পৰিধানৰ এই মুহূর্তত কোনো িবকল্প নাই৷ দৰ্ব উপলব্ধ নোহোৱা পৃথিৱী এখনত মানুহক সতর্কতা, সচেতনতাইহে সুৰক্ষিত কৰি ৰাখ্বি পাৰে৷

You might also like