নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে এখন গাঁও। প্ৰায় ২০০ পৰিয়াল আজি গৃহহাৰা | উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ | দেওবাৰে নিশা প্ৰবল ধুমুহা-শিলাবৃষ্টিয়ে চাৰখাৰ কৰিলে নগৰবেৰাৰ মন্দিৰা এন চি গাঁও | যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁওখনৰ দুখীয়া পৰিয়ালসমূহ | কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি-ফুটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশাটো ৷ আনকি আশ্ৰয় ল’বলৈও গাঁওখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে, শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিডৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁওবাসীক৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে পুৱাই শ শ পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ “দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে” আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনায় ভুক্তভোগী ৰাইজে | প্ৰশ্ন হয়- এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ আহ্বান, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব- চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁওবাসী নিঠৰুৱা৷

 প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like