নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেংষ্টাৰ সুৰেন্দ্র সিঙৰ ১৭.৮২ কোটিৰ সম্পত্তি জব্দ ইডিৰ

🔹 লৰেন্স বিষ্ণয় গোচৰ

বিশেষ বাৰ্তা, ২ এপ্রিল : লৰেন্স বিষ্ণয় গেং আৰু আন গোচৰৰ বিৰুদ্ধে চলি থকা তদন্তৰ মানী লেণ্ডাৰিঙৰ অংশ হিচাপে গেংষ্টাৰ সুৰেন্দ্র সিং ওৰফে ছিকুৰ পৰিয়ালৰ সদস্যৰ ১৭.৮২ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ হাৰিয়ানাৰ নাৰনৌল আৰু ৰাজস্থানৰ জয়পুৰত থকা গেংষ্টাৰ সিঙৰ পৰিয়ালৰ সদস্যৰ এই উক্ত পৰিমাণৰ সম্পত্তি কালি ইডিয়ে জব্দ কৰিছে৷ কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা মতে, গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ধন গেংষ্টাৰ ছিকুৰ পৰিয়ালৰ সদস্যসকলেহে লাভ কৰিছে আৰু এই ধনেৰে সদস্যসকলে সম্পত্তি ক্রয় কৰিছে৷ মন কৰিবলগীয়া যে গেংষ্টাৰ ছিকু বর্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে৷ ফেব্রুৱাৰীত গেংষ্টাৰ ছিকুক ইডিয়ে গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পিছতে গেংষ্টাৰৰ সম্পর্কীয় লোকৰ বিৰুদ্ধে ৰাজস্থান আৰু হাৰিয়ানাত অভিযান চলায় ইডিয়ে৷ উল্লেখনীয় যে গেংষ্টাৰ ছিকুৱে অবৈধ খনিৰ ব্যৱসায়তো জড়িত হৈ ধন উপার্জন কৰিছে৷

You might also like