নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপত্নীক ইমৰান খানৰ ১৪ বছৰীয়া কাৰাদণ্ড বাতিল হাইক’ৰ্টৰ

বিশেষ বাৰ্তা, ২ এপ্রিল : তোষাখানাৰ দুর্নীতিৰ গোচৰত পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্বৰা বিবিৰ বিৰুদ্ধে ১৪ বছৰীয়া কাৰাদণ্ড বাতিল কৰিছে দেশখনৰ এখন উচ্চ ন্যায়ালয়ে৷ স্মর্তব্য যে ইছলামাবাদৰ দুর্নীতিবিৰোধী আদালতে সপত্নীক ইমৰান খানৰ বিৰুদ্ধে যোৱা ৩১ জানুৱাৰীত ১৪ বছৰ কাৰাদণ্ডৰ ৰায় শুনাইছিল৷ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আমেৰ ফাৰুকে কালি এই কাৰাদণ্ড বাতিল কৰাৰ সময়ত উল্লেখ কৰে যে শাস্তিৰ বিৰুদ্ধে আবেদনৰ বাবে শুনানিৰ দিন ঈদৰ বন্ধৰ পিছত নির্ধাৰণ কৰা হ’ব৷ উল্লেখনীয় যে প্রধানমন্ত্রী হৈ থকা সময়ত বিদেশৰ পৰা পোৱা বিভিন্ন উপহাৰ বিক্রী কৰাৰ অভিযোগ উঠিছিল ৭১ বছৰীয়া ক্রিকেটাৰ তথা ৰাজনীতিক ইমৰান খানৰ বিৰুদ্ধে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী হিচাপে লাভ কৰা উপহাৰ চৰকাৰী কোষাগাৰত জমা হ’ব লাগে যদিও এই ক্ষেত্রত দুর্নীতিৰ আশ্রয় লৈছিল ইমৰান খানে৷

You might also like