নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষাৰপাতত ঘাইপথত আবদ্ধ হাজাৰ হাজাৰ গাড়ী

জাপানত অভূতপূর্ব পৰিৱেশ

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ তুষাৰপাতে জাপানত অভূতপূর্ব পৰিৱেশ সৃষ্টি কৰিছে৷ তুষাৰপাতৰ ফলত ৰাষ্ট্রীয় ঘাইপথ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে আৰু এই পথত সহস্রাধিক বাহন আবদ্ধ হৈছে৷ যোৱা বুধবাৰে সন্ধিয়াৰে পৰা তুষাৰপাতত কেনেছু এক্সপ্রেছ ৱে’ বন্ধ হৈ পৰিছে৷ ঘাইপথটোৰ সকলো দিশে বৰফৰ দ’ম৷ এই দ’মৰ মাজত শাৰী শাৰী গাড়ী৷ গাড়ীৰ ওপৰত শুভ্র বৰফৰ দলিচা৷ ঘাইপথ বন্ধ হোৱাৰ পৰিপ্রেক্ষিতত সহস্রাধিক যান–বাহন আবদ্ধ হৈছে৷ তিনি দিন ধৰি সহস্রাধিক যান–বাহন আবদ্ধ হৈ পৰাত যান–বাহনত থকা চালকসকল অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে৷ চৰকাৰৰ উদ্ধাৰকাৰী বাহিনীয়ে ঘাইপথৰ পৰা বৰফ আঁতৰোৱাৰ চেষ্টা কৰিও সফল হোৱা নাই৷ আনপিনে বৰফৰ দ’মত আবদ্ধ হৈ থকা চালকসকলকো উদ্ধাৰ কৰিব পৰা নাই৷ এনে পৰিস্থিতিত প্রশাসনে আবদ্ধ হৈ থকা চালকসকলক খাদ্য, ইন্ধন আৰু ব্লেংকেট যোগান ধৰি আছে৷ দেশখনৰ ৰাজধানী টকী’ৰ পৰা নিগাটা সংযোগী কেনেছু এক্সপ্রেছ ৱে’ত তুষাৰপাতে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ সমান্তৰালকৈ উক্ত অঞ্চলৰ ১০ সহস্রাধিক পৰিয়ালৰ মাজতো হাহাকাৰ লাগিছে৷ বিগত তিনি দিন ধৰি ১০ সহস্রাধিক পৰিয়ালে বিদ্যুৎ অবিহনে জীৱন নির্বাহ কৰিব লগা হোৱাত কঠিন সময়ৰ সন্মুখীন হৈছে৷ কিয়ডোৰ বাতৰি মতে, উক্ত অঞ্চলটোত তুষাৰপাতৰ বাবে ১৬.৫ কিলোমিটাৰ পথ সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ উদ্ধাৰকাৰী দলে যান–বাহনসমূহ মুকলি কৰিবলৈ গধুৰ সা–সঁজুলি ব্যৱহাৰ কৰাৰ লগতে শ্রমিক নিয়োগ কৰিছে যদিও এতিয়ালৈকে সক্ষম হোৱা নাই৷ কার্যতঃ সহস্রাধিক গাড়ীসহ সহস্রাধিক লোক বৰফত আবদ্ধ হৈ আছে৷ আনপিনে জোচীনেছু এক্সপ্রেছ ৱে’তো একেই পৰিৱেশ সৃষ্টি হৈছে৷ বিগত দুদিন ধৰি তিনি শতাধিক বাহন বৰফৰ স্তূপত আবদ্ধ হৈ থকাৰ পাছত কালি পুৱা মুকলি কৰিবলৈ সক্ষম হৈছে৷ দেশখনৰ বতৰ বিজ্ঞান সংস্থাই প্রকাশ কৰা মতে, চলিত বর্ষত প্রচণ্ড শীতৰ বাবে গভীৰ তুষাৰপাত হৈছে৷ যাৰ পৰিণতিত দেশখনৰ প্রান্তে প্রান্তে অভূতপূর্ব পৰিৱেশ সৃষ্টি হৈছে৷ এই প্রক্রিয়া সপ্তাহ ধৰি চলি থাকিব৷ দেশখনৰ প্রধানমন্ত্রী জোচীহিডে চুগাই জৰুৰী কেবিনেট বৈঠক অনুষ্ঠিত কৰাই নহয়, দেশৰ জনতাক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে৷ তাৎপর্যপূর্ণ যে জাপানত ক’ৰোনা ভাইৰাছৰ তৃতীয় ৱেভ আৰম্ভ হোৱাত তুষাৰপাতে আন এক সমস্যা সৃষ্টি কৰিছে৷

You might also like