নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

বিশেষ বার্তা, ২৪ মার্চ : মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি শ্রীশ্রী বটদ্রৱা থানৰ উপ–সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ কালি মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ৷ কালি বিয়লি বটদ্রৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাতে অসুস্থ হোৱাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনাৰ পাছতে নিশা ৯ বজাত তেওঁৰ মৃত্যু হয় ৷ শংকৰী সংস্কৃতিৰ গৱেষক তথা অভিনেতা গোস্বামীৰ মৃত্যুত সমগ্র বটদ্রৱা অঞ্চলৰ লগতে ৰাজ্যবাসী মর্মাহত হৈছে৷

You might also like