নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী কেপিটেলছৰ বিপক্ষে ৰোমাঞ্চকৰ জয়লাভ পঞ্জাব কিংছৰ

🔹 প্রত্যাৱর্তন মেচত বিফল ঋষভ পণ্ট 

বিশেষ বাৰ্তা, ২৪ মার্চ : শিখৰ ধাৱন নেতৃত্বাধীন পঞ্জাব কিংছে চলিত আইপিএলৰ প্রথমখন মেচতে ৰোমাঞ্চকৰ জয়ৰ মুখ দেখিছে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত মেচখনত পঞ্জাব কিংছে ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছক ৪ উইকেটত পৰাস্ত কৰে৷ মেচখনত দিল্লী কেপিটেলছে জয়ৰ বাবে বান্ধি দিয়া ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ছেম কৰণৰ চমকপ্রদ অর্ধশতক আৰু লিয়াম লিভিংষ্ট’নৰ দায়িত্বশীল বেটিঙৰ সহায়ত পঞ্জাব কিংছে ১৯.২ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ৪২ ৰানত অ’পেনাৰদ্বয় অধিনায়ক ধাৱন আৰু জ’নী বেয়াৰষ্ট’ক হেৰুৱাই বিপদত পৰিছিল পঞ্জাব৷ ধাৱনে ২২ আৰু বেয়াৰষ্ট’ৱে ৯ ৰান কৰি বিদায় লয়৷ অৱশ্যে প্রভছিমৰন সিং আৰু ছেম কৰণে তৃতীয় উইকেটত ৪২ ৰান সংগ্রহ কৰি দলটোক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ প্রভছিমৰনে ২৬ ৰান কৰি বিদায় লয় যদিও কৰণে ৪৭টা বলত ৬টা চাৰি আৰু এটা ছয়েৰে ৬৩ ৰানৰ অনবদ্য ইনিংছ খেলে৷ জিতেশ শর্মাই ৯ ৰান কৰি বিদায় লয় যদিও লিভিংষ্টনে ২১টা বলত ২টা চাৰি আৰু তিনিটা ছয়েৰে অপৰাজিতভাৱে ৩৮ ৰান কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ দিল্লীৰ হৈ খলিল আহমেদ আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অভিষেক প’ৰেলৰ ১০ বলত অপৰাজিত ৩২, ছাই হ’পৰ ৩৩ আৰু ডেভিদ ৱার্নাৰৰ ২৯ ৰানৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৭৪ ৰান কৰে৷ সুদীর্ঘ ৪৫৪ দিনত খেলপথাৰলৈ প্রত্যাৱর্তন কৰা ঋষভ পণ্টে ১৮ ৰানৰ অৱদান আগবঢ়োৱাৰ লগতে মিচেল মার্শ্বে ২০ আৰু অক্ষৰ পেটেলে ২১ ৰান কৰে৷ দিল্লীয়ে ১৪৭ৰানত ৮টা উইকেট হেৰুৱাইছিল যদিও প’ৰেলে মাত্র ১০টা বলত চাৰিটা চাৰি আৰু দুটা ছয়েৰে অপৰাজিতভাৱে ৩২ ৰান কৰি দলটোক সন্মানজনক স্থিতিত উপনীত কৰাইছিল৷ প’ৰেলে কুলদীপ যাদৱৰ সৈতে নৱম উইকেটত ২৭ ৰান সংগ্রহ কৰে৷ পঞ্জাবৰ হৈ অর্শদ্বীপ সিং আৰু হর্ষল পেটেল উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷

You might also like