নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মে’পর্যন্ত ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, জনালে কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই

ডিজিটেল ডেস্ক, ১৬ মে’ : অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক কেইবাদিনলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অহা ২১ মে’লৈকে অসম আৰু মেঘালয়ত ধুমুহা, বৰষুণ, বজ্রপাত অহাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই৷

কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই জনোৱা অনুসৰি এই সময়ছোৱাত উত্তৰ–পূবৰ কেইবাটাও অঞ্চলত প্রতিঘণ্টাত ৪০–৫০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ এই সময়ছোৱাত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ সর্বসাধাৰণ লোকক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে৷

উল্লেখ্য যে শেহতীয়াকৈ অসম আৰু মেঘালয়ৰ কেইবাটাও অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ হৈছে৷ বিশেষকৈ কাছাৰ আৰু শ্রীভূমিত ধাৰাসাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে৷ গুৱাহাটীতো ধাৰাসাৰ বৰষুণ হোৱাত মহানগৰীখনৰ বহুতো অঞ্চল কৃত্রিম বানৰ কবলত পৰে৷

আগন্তুক ২১ মে’পর্যন্ত কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই সংশ্লিষ্ট জিলা প্রশাসনসমূহক বান আৰু ভূমিস্খলনৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে৷ কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই প্রচণ্ড বৰষুণ আৰু ধুমুহাৰ সময়ত অপ্রয়োজনীয় যাত্রা পৰিহাৰ কৰিবলৈ পৰামর্শ দিছে৷ বতৰ বিজ্ঞান কেন্দ্রই অসম আৰু মেঘালয়ৰ উপৰি অৰুণাচল প্রদেশৰ বাবেও ১৭ মে’ৰ পৰা ২১ মে’পর্যন্ত ধাৰাসাৰ বৰষুণৰ সতর্কবাণী জাৰি কৰিছে৷

You might also like