নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ সংযুক্ত আৰব আমীৰশ্বাহী ভ্রমণত বৃহৎ উপহাৰ লাভ ভাৰতৰ

নিউজ ডেস্ক, ১৬ মে’ : পশ্চিম এছিয়াত চলি থকা অস্থিৰতাই সমগ্র বিশ্বতে ইন্ধনৰ সংকট সৃষ্টি কৰিছে৷ এই সংকটৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সংযুক্ত আৰব আমীৰশ্বাহী ভ্রমণত বৃহৎ উপহাৰ লাভ কৰিলে ভাৰতে৷

শুকুৰবাৰে আমীৰশ্বাহীত পদার্পণ কৰিয়েই দেশখনৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েৰ আল–নায়ানৰ সৈতে দুখন বৃহৎ চুক্তিত স্বাক্ষৰ কৰে মোদীয়ে৷ এই চুক্তিৰ জৰিয়তে ইন্ধন সংকটৰ মোকাবিলাৰ ক্ষেত্রত ভাৰতলৈ এলপিজি সৰবৰাহ কৰিব আমীৰশ্বাহীয়ে৷ লগতে পেট্র’লিয়াম মজুতক লৈও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে দুয়োখন দেশে৷ তদুপৰি প্রতিৰক্ষা শিতানতো চুক্তি হৈছে ভাৰত আৰু আমীৰশ্বাহীৰ মাজত৷

সংযুক্ত আৰব আমীৰশ্বাহীৰ পৰা আৰম্ভ হোৱা প্রধানমন্ত্রীৰ এই ভ্রমণসূচী মর্মে মুঠ ৫খন দেশলৈ যাব মোদী৷ শুকুৰবাৰে আমীৰশ্বাহীৰ আকাশত প্রধানমন্ত্রী মোদীৰ বিমান প্রৱেশ কৰাৰ লগে লগে তেওঁক অভ্যর্থনা জনায় এফ–১৬ যুদ্ধবিমানে৷ ৰীতি মতে এছক’ৰ্ট কৰি প্রধানমন্ত্রীৰ বিমানখনক লৈ যোৱা হয়৷ দুপৰীয়া ১২ বজাত আবুধাবি বিমানবন্দৰত অৱতৰণ কৰে মোদীৰ বিমানে৷ তাত গার্ড অৱ অনাৰ দিয়া হয় প্রধানমন্ত্রীক৷

ইয়াৰ পিছত আমীৰশ্বাহীৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েৰ আল–নায়ানক সাক্ষাৎ কৰে মোদীয়ে৷ তাতেই ইন্ধন সম্পর্কীয় দুখন চুক্তি স্বাক্ষৰিত হয়৷ ইয়াৰ ভিতৰত প্রথমখন আছিল ভাৰতলৈ এলপিজি সৰবৰাহ নিশ্চিত কৰিব আমীৰশ্বাহীয়ে৷ সম্প্রতি যুদ্ধ পৰিস্থিতিৰ মাজত এলপিজি সংকট আৰম্ভ হ’বলৈ ধৰিছে ভাৰততো৷ সংকট মোকাবিলাৰ ক্ষেত্রত আমীৰশ্বাহীৰ সৈতে ভাৰতৰ এই চুক্তি অত্যন্ত গুৰুত্বপূর্ণ বুলি ধাৰণা কৰিছে কূটনৈতিক মহলে৷ ইয়াৰ পিছতে আমীৰশ্বাহীৰ সৈতে ষ্ট্রেটেজিক পেট্র’লিয়াম মজুতক লৈও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ভাৰতে৷ ইয়াৰ জৰিয়তে দেশখনত তেল মজুত আৰু জৰুৰী পৰিস্থিতিত ভাৰতে যাতে ইন্ধন সংকটৰ মুখামুখি হ’বলগীয়া নহয়, তাৰ খেয়াল ৰাখিব আমীৰশ্বাহীয়ে৷

যুদ্ধ, আন্তঃৰাষ্ট্রীয় সংকট আৰু হঠাৎ তেলৰ দাম বৃদ্ধিৰ দৰে বিষয়সমূহ চম্ভালিবলৈ অপৰিশোধিত তেল মজুত ৰাখে ভাৰতে৷ এনেক্ষেত্রত এইবাৰ দিল্লীক সহায়ৰ হাত আগবঢ়াব আমীৰশ্বাহীয়ে৷ চুক্তিত স্বাক্ষৰ হৈছে সামৰিক আৰু নিৰাপত্তাৰ ক্ষেত্রত দুয়োখন দেশে একেলগে কাম কৰাৰ বাবে৷

উল্লেখ্য যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত ইন্ধন গেছ আৰু ইন্ধন তেলৰ সংকটৰ মুখামুখি হ’বলগীয়া হৈছে ভাৰত৷ এনে পৰিস্থিতিৰ কথা বিবেচনা কৰি দেশবাসীক ইন্ধন তেল ব্যৱহাৰৰ ক্ষেত্রত মিতব্যয়ী হোৱাৰ পৰামর্শ দিছে প্রধানমন্ত্রীয়ে৷ কেৱল এয়াই নহয়, দেশৰ বৈদেশিক মুদ্রা ৰাহি কৰাৰ লক্ষ্যৰে বিদেশ ভ্রমণ আৰু সোণ কিনাতো বন্ধ কৰাৰ বার্তাও দিয়া হৈছে৷

You might also like