নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত জঘন্য হত্যাকাণ্ড : শোৱাপাটীতে ঘপিয়াই হত্যা বৃদ্ধ দম্পতীক

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : লখিমপুৰৰ ২নং ৰঙাজানত সংঘটিত হৈছে এক জঘন্য হত্যা কাণ্ড। আততায়ীয়ে দোভাগ নিশা দাৰে ঘপিয়াই শোৱাপাটীতে হত্যা কৰে বৃদ্ধ দম্পতীক। হত্যাৰ বলি হোৱা বৃদ্ধ দম্পতীটো হল চাও মুণ্ডা আৰু বুদ্ধিনী মুণ্ডা। পুত্র কন্যা আঁতৰি থকাৰ বাবে অকলশৰে আছিল বৃদ্ধ দম্পতীটো। পিছে পাৰিবাৰিক কন্দলৰ বাবে সমীপৰ কাৰ্লোছ লোহাৰ আৰু থমাছ তপ্নই নিশা দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে বৃদ্ধ দম্পতীটোক। ঘটনাটো ২৫ তাৰিখে দোভাগ নিশা সংঘটিত হয় যদিও কালিহে পোহৰলৈ আহে। তেজেৰে তুমৰলি দি থকা মৃত দম্পতীটোক প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে। ৪৮ ঘন্টাৰ পূৰ্বে সংঘটিত এই হত্যা কাণ্ডক লৈ লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই বিশেষ উদ্যোগ লৈ স্নিফাৰ ডগ, ফিংগাৰ প্ৰিন্ট বিশেষজ্ঞৰ সহায়ত তদন্ত কৰি দুই অভিযুক্ত ক গ্ৰেপ্তাৰ কৰে। এই লোমহর্ষক হত্যাকাণ্ড সন্দৰ্ভত লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা ৫৭৪/২২ নম্বৰৰ আৰু ৩০২ ধাৰাৰ গোচৰটোত কাৰ্লোছ লোহাৰ আৰু থমাছ তপ্নক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰি দুদিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে। পাৰিবাৰিক কন্দলৰ বাবে ই দুই ঘাতকে দম্পতীটোক নৃশংসভাৱে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে । ঘটনাৰ ৪৮ ঘন্টাৰ ভিতৰতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত এয়া আৰক্ষীৰ বাবে উল্লেখযোগ্য সফলতা বুলি চিহ্নিত হৈছে।

প্ৰেৰক জীৱন গোস্বামী

You might also like