নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকৰা-যোগীপাৰা-চুকুনীয়াপাৰা গড়কাপ্টানী পথৰ দুৰৱস্থা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : বাৰিষা নহয়, চ’ত মাহৰ এজাক বৰষুণে এটা ৰাজপথত দুৰ্ভোগ ভোগাইছে ৰাইজক। স্থানীয় ৰাইজে জনোৱা মতে, জনপ্ৰতিনিধিক বহুবাৰ আবেদন-নিবেদন কৰিও আজিলৈকে হেকৰা-যোগীপাৰা-চুকুনীয়াপাৰা সংযোগী বিধ্বস্ত সদাব্যস্ত ৰাজপথটি ৰাইজৰ সুচল যাতায়াতৰ বাবে মেৰামতিৰ দিহা কৰা নহ’ল | যাৰ বাবে শেহতীয়াকৈ উক্ত পথে অঞ্চলবাসীক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাইছে। পথটিৰ শেহতীয়া বোকাময় অৱস্থাৰ বাবে ৰাইজে যাতায়াতৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈ আছে যদিও এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলিও অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত হেকৰা-যোগীপাৰা-চুকুনীয়াপাৰা সংযোগী গড়কাপ্টানী পথটো দীৰ্ঘদিনৰে পৰা জৰাজীৰ্ণ হৈ আছে যদিও চৰকাৰ, সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ ফলত দিনকদিনে পথটি ক্ৰমান্বয়ে জৰাজীৰ্ণ, বোকাময়, বিধ্বস্ত হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ যাতায়াতৰ একমাত্ৰ পথটিৰ দুৰৱস্থাই ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে । ৰাজপথৰ মাজৰ প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতবোৰেও ভয়াৱহ বিপদ কঢ়িয়াই আনিছে৷ স্থানীয় বিধায়িকা নন্দিতা দাসক অঞ্চলটোৰ সৰ্বসাধাৰণ লোকে বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছতো সদাব্যস্ত পথটো পুনৰ নিৰ্মাণৰ বাবে কোনোধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে । চৰকাৰ তথা সংশ্লিষ্ট বিভাগক সময়ে সময়ে দাবী-আবেদন জনাই আহিছে যদিও আজিলৈকে পথটি পুনৰ মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত চৰকাৰ, বিভাগ তথা স্থানীয় বিধায়িকাৰ ওপৰত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ শীঘ্ৰে হেকৰা-যোগীপাৰা-চুকুনীয়াপাৰা সংযোগী বিধ্বস্ত ৰাজপথটি পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলবাসী ৰাইজে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like