নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইইউডিএফ মিছা কথা-মিছা প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ : জাভেদ ইছলাম

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : এআইইউডিএফ মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ। এইবাৰ চৰকাৰমুখী ৰাইজ; জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ৰাইজ চৰকাৰমুখী হ’ব বিচাৰিছে। চৰকাৰৰ প্ৰতি আকৃষ্ট হৈছে, চৰকাৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছে।- আজি অসম গণ পৰিষদৰ ধুবুৰীৰ জিলা কাৰ্যালয়ত এইদৰে কয় ধুবুৰী লোকসভা সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে থিয় দি পৰাজয়বৰণ কৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আমাৰ বহুত ঋণাত্মক দিশ আছিল, কিন্তু এইবাৰ যোগাত্মক দিশ বহু আছে। আমাৰ কৰ্মীসকলে আন্তৰিকতাৰে তৃণমূল পৰ্যায়ত কাম কৰি আছে। ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক বড়ে মিঞা আৰু চামগুৰিৰ বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ছোটে মিঞা বুলি অভিহিত কৰি জাভেদ ইছলামৰ দুয়োকে কটাক্ষ- ছোটে মিঞাতো ছোটে মিঞা, বড়ে মিঞা শুভান আল্লাহ। লগতে তেওঁ কয় যে ৰকিবুল হুছেইন ১৫ বছৰ মন্ত্ৰী আছিল; ১০ বছৰ ধুবুৰী জিলাৰ ইনচার্জ মিনিষ্টাৰ আছিল। কোকৰাঝাৰৰ ঘটনাৰ ইনচার্জো আছিল তেওঁ। মেঘালয়ত ৩ বছৰে প্ৰায় ১০০জন মানুহৰ হত্যা হৈছিল, সন্ত্ৰাস হৈছিল, অপহৰণ হৈছিল, সেই সময়ত ৩ বছৰৰ এটা দিনো পদাৰ্পণ কৰা নাই তেওঁ। শেষত মই বিধানসভাত প্ৰশ্ন কৰিবলৈ বাধ্য হৈছিলোঁ। তেওঁ মন্ত্ৰী থকা অৱস্থাত তেওঁৰ গেটটো পাৰ হৈ ধুবুৰীবাসীয়ে সোমাব পৰা নাছিল তেওঁৰ চৰকাৰী আৱাস গৃহত। সেইজন মানুহে আকৌ ইয়াত আহি সাংসদ হ’ব বিচাৰিছে। গতিকে তেওঁ অহাৰ পিছত আমাৰ ভাল হৈছে, ৰাইজৰ চকু খুলিছে। উল্লেখ্য যে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ধুবুৰীত উপস্থিত হয় জাভেদ ইছলাম। স্থানীয় নেতা-কৰ্মীৰ পাৰভগা উছাহৰ মাজেৰে এক বিশাল মটৰ চাইকেল ৰেলীৰে ধুবুৰীস্থ জিলা অগপ কাৰ্যালয়লৈ আদৰি অনা হয় তেওঁক। দলীয় কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত অগপ দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা আৰু কেন্দ্রীয় উপ-সভাপতিক লগত লৈ অগপৰ স্থানীয় নেতা-কৰ্মীৰে এক মত বিনিময় সভাতো অংশ লয় তেওঁ। সভাখনত নিজৰ ভাষণ প্ৰসংগত এইবাৰ ধুবুৰী লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰে তেওঁ। পিছত মিত্ৰজোঁটৰ বিজেপিৰ ধুবুৰীস্থ মুখ্য নিৰ্বাচনী কাৰ্যালয়তো উপস্থিত হৈ বিজেপিৰ স্থানীয় কাৰ্যকৰ্তা-কৰ্মীৰে এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয় তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like