নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৩০ লাখ ৫০ হাজাৰ টকাৰ হেৰোইন জব্দ : আটক ২

নিয়মীয়া বাৰ্তা,  ২২ মাৰ্চ : বৃহস্পতিবাৰে গোপন তথ্যৰ ভিত্তিত কাছাৰ জিলাৰ সোণাই সমষ্টিৰ কচুদৰম বজাৰৰ তিনিআলিত নিচাজাতীয় দ্ৰব্য পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই বৃহৎ সফলতা লাভ কৰে কাছাৰ আৰক্ষীয়ে ৷ কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তোৱে জনোৱা মতে, আৰক্ষীৰ দলে বাবুল আলী (৪০) আৰু হুছনাৰা বেগম (৩৪) নামৰ দুগৰাকী মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। তেওঁলোকৰ পৰা ৫টা চাবোনৰ বাকচ জব্দ কৰে। বাকচৰ ভিতৰত ৬২.৭৯ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে আৰক্ষীয়ে। আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য ৩০ লাখ ৫০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে । তাৰ পিছত সকলো আনুষ্ঠানিকতা পালন কৰি এনডিপিএছৰ সামগ্ৰী জব্দ কৰা হয়। তদুপৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like