নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত ভয়াৱহ অগ্নিকাণ্ডত ৩০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

🔹 অৰ্ধশতাধিক কৰ্মচাৰীৰ জীৱনলৈ নামি আহিল অমানিশা 

বিশেষ বাৰ্তা, ২২ মাৰ্চ : ঢেকীয়াজুলিৰ ৪নং ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত গোবিন্দ ছুইট নামৰ মিঠাই দোকানৰ লগতে এখন পাইকাৰী মাছৰ দোকান আৰু চাইকেল দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় । কালি মাজনিশা ২ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত শিবু গোপ নামৰ স্বত্বাধিকাৰীগৰাকীৰ মিঠাই দোকানখনৰ চাৰিটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ১৫ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ লগতে অৰ্ধশতাধিক কৰ্মচাৰী সংস্থাপনহীন হৈ জীৱিকাৰ প্ৰতি ভাবুকি নামি অহা বুলি জনায় ব্যৱসায়ীগৰাকীয়ে । আনহাতে, দিপু ৰায় নামৰ মাছৰ কাউন্টাৰ থকা লোকজনৰ মাছৰ কাউন্টাৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত ১২ লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ লগতে গোবিন্দ গোপ নামৰ লোকজনৰ চাইকেল দোকানখনৰ ৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জনায় ভুক্তভোগী ব্যৱসায়ীসকলে । ভুক্তভোগী ব্যৱসায়ী তিনিগৰাকীয়ে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত জীৱন-জীৱিকাৰ প্ৰতি অমানিশা নামি আহিছে বুলি জনায়। এইক্ষেত্ৰত চৰকাৰৰ লগতে স্থানীয় বিধায়কক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে অনুৰোধ জনায় ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like