নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আশাপ্ৰদ সাফল্য নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ

বিশেষ বাৰ্তা, ৩০ জুনঃ নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰনী শিক্ষা প্ৰতিষ্ঠান ভাৰতী বিদ্যাপীঠে এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত আশাপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাৰ বাণিজ্য শাখাত শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ ৷ বাণিজ্য শাখাৰ এই শিক্ষা প্ৰতিষ্ঠানৰ পৰা এইবাৰ ৫৫গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল ৷ আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়েই উৰ্ত্তীণ হয় ৷ এইবাৰ শিক্ষা প্ৰতিষ্ঠান খনৰ পৰা চিমৰণ চুৰানাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক পায় বাণিজ্য ৰাজ্যখনৰ ভিতৰতেই অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ ৯৩ শতাংশ নম্বৰৰে চুৰানাই মুঠ ৪৬৫ নম্বৰ লাভ কৰাৰ লগতে একাউণ্টেঞ্চিত ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা শ্ৰুতি পোদ্দাৰে ৯০.৪ শতাংশ , চলনী অজিত চৰিয়াই ৯০ শতাংশ, মীনাক্ষি আগৰৱালে ৮৭.৮ শতাংশ, ভাৰ্টিক কোঠাৰীয়ে ৮৪.৮ শতাংশ, তুষাৰ খেটানে ৮৪ শতাংশ আৰু তানিচা পোদ্দাৰে ৮৩.২ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই সাফল্যত শিক্ষা প্ৰতিষ্ঠানখনৰ পৰিয়াল উৎফুল্লিত হৈ পৰে ৷ আজি শিক্ষাপ্ৰতিষ্টান খনত অনুষ্ঠিত এক অনুষ্ঠানত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত অধ্যক্ষা মঞ্জু নেওগ, ৰেক্টৰ অমিত ম’ৰ, সঞ্চালক ধ্ৰুৱজ্যোতি দেৱনাথৰ লগতে নিতিন খেটাৱত আদিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইতিপূৰ্বে বিধায়ক ৰূপক শৰ্মা , ৰটাৰী ক্লাব ,এ বি ভি পি ,মাৰোৱাৰী যুৱ মঞ্চ ,তেৰাপণ্ট সভা ,মহেশ্বৰী সভা ,ৰটেৰেক্ট ক্লাব,মাৰোৱাৰী সন্মিলন আদিয়ে এই ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনায় ৷ উল্লেখ যে ২০২০ চনত এই শিক্ষা প্ৰতিষ্ঠান পৰা উচ্চতৰ মাধ্যমিধ বানিজ্য শাখাত কাৰ্তিক ধৰিৱালে ষষ্ঠ স্থান অধিকাৰ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৷

প্ৰেৰক কনক হাজৰিকা

You might also like