নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ ভূমিস্খলনত লাহৰীঘাটৰ এজন শ্ৰমিকৰ মৃত্যুঃ চিকিৎসাধীন ৫, নিৰুদ্দেশ ১৭জনঃ উদ্ধাৰৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ৩০ জুন : চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননী জিলাৰ টুপুলত ভয়াৱহ ভূমিস্খলন । এই ভূমিস্খলনৰ কবলত পৰিছে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ কুশতলি অঞ্চলৰ ২৩জনকৈ শ্ৰমিক। ইয়াৰে এজন শ্ৰমিক নিহত, ৫ জন শ্ৰমিক চিকিৎসাধীন আৰু ১৭জনকৈ শ্ৰমিক নিৰুদ্দেশ হৈ আছে। মৃত শ্ৰমিক জনৰ নাম গোপাল ফুকন (৩২)। শ্ৰমিকজন চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। মৃত শ্ৰমিকজনৰ ঘৰ অঞ্চলটোৰ খোৰাগোসাঁইবড়ি গাঁৱত। আন ১৭জন শ্ৰমিক এতিয়াও নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ হৈ থকা শ্ৰমিককেইজন হৈছে অঞ্চলটোৰ কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈ (২৭), খোৰাগোসাঁই বড়ি গাঁৱৰ হনুমান কোঁৱৰ (৪৭), সনাল কোঁৱৰ (৩০), উৎপল ফুকন(৪০) , মমিন ডেকা ৰজা (৪০), আকাশ লৰম(২১) , পল্লৱ লৰম(২২), দেৱজিৎ ফুকন(২৩) , বগীয়ান্ত লৰম (৪০) , ৰামু ফুকন (৩৫),কুশতলিৰ জুনটি বৰদলৈ (২৭) আৰু লাউভূৰুঙ্গাৰ হৰমোহন ডেকা (৩০)। নিৰুদ্দেশ হোৱা আন চাৰিজন শ্ৰমিকৰ নাম প্ৰকাশ হোৱা নাই যদিও আনহাতে আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিককেইজন হৈছে কুশতলিৰ প্ৰহ্লাদ বসুমতাৰী (১৯), খোৰাগোসাঁই বড়িৰ মনিৰাম ফুকন (৩৫), ৰমেন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) আৰু আমগুৰিৰ জুন বসুমতাৰী (২৪) ।উল্লেখ্য যে লাহৰীঘাটৰ আটাইকেইজন শ্ৰমিক মণিপুৰত ৰেল লাইন নিৰ্মাণৰ কামত জড়িত আছিল। জানিব পৰা মতে, আজিৰ পৰা ২০ দিন পূৰ্বে শ্ৰমিককেইজন মণিপুৰত কামলৈ গৈছিল। ইফালে এই খবৰ পাই আটাইকেইজন শ্ৰমিকৰ ঘৰৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। আনহাতে আত্মীয়ই নিৰুদ্দেশ শ্ৰমিককেইজনক উদ্ধাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰে অনুৰোধ জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like