🔹 কৃষক পৰিয়ালৰ মেধাৱী ছাত্রীৰ কৃতিত্বত গৌৰৱান্বিত জিলাবাসী
🔹 সৌৰজগত বাহ্যিক স্তৰসমূহৰ অধ্যয়ন কৰি আহৰণ কৰিব জ্ঞান
নিয়মীয়া বাৰ্তা, ২৬ জুলাই : তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ পাৱৈ বনগাঁৱৰ বাসিন্দা ৰুদ্র বাহাদুৰ গুৰুং আৰু মিলিমায়া গুৰুঙৰ দুহিতা হিমানী গুৰুঙক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ প্রথমটো সৌৰ অভিযান ADITYA-L1ৰ পৰীক্ষামূলক কর্মশালাত অংশগ্রহণৰ বাবে আমন্ত্রণ জনোৱাত সমগ্র অঞ্চলবাসীৰ লগতে তিনিচুকীয়া জিলাবাসী গৌৰৱাম্বিত হৈ পৰিছে৷
ডিগবৈ–মার্ঘেৰিটা ৰাষ্ট্রীয় ঘাইপথৰ পৰা বহু ভিতৰত অৱস্থিত পাৱৈ বনগাঁৱৰ হিমানী এগৰাকী অত্যন্ত পিছপৰা, বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত অঞ্চলত বসবাস কৰা এটি সাধাৰণ কৃষক পৰিয়ালৰ মেধাৱী ছাত্রী৷ বাঁহ-টকৌপাতেৰে নির্মিত অত্যন্ত চাফ-চিকুণ, পৰিপাটী বাসগৃহৰ পৰা জীৱনত এগৰাকী সফল ব্যক্তি হোৱাৰ উদ্দেশ্যৰে জীৱন সংগ্রামত নামি পৰা হিমানী সৰুৰে পৰাই কর্তব্যপৰায়ণ আৰু মেধাৱী ছাত্রী ৰূপে পৰিচিত আছিল৷ সাংবাদিকৰে হোৱা এক আছুতীয়া বার্তালাপত হিমানীৰ সহজ-সৰল খেতিয়ক পিতৃয়ে এতিয়াও স্পষ্ট নহয় যে হিমানীয়ে কি কৰি আছে বুলি কয়৷ খেতিৰ ওপৰত সম্পূর্ণ নির্ভৰশীল পিতৃ ৰুদ্র বাহাদুৰ গুৰুঙে তেওঁৰ মাজু কন্যা হিমানীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণ কৰি আছে বুলিহে অৱগত৷ শেহতীয়াকৈ হিমানীয়ে এক কর্মশালাত অংশগ্রহণ কৰিব বুলিহে জানে৷ হিমানীৰ সাফল্যত সহজ-সৰল পিতৃ–মাতৃৰ দুচকুত আনন্দৰ চকুলো পৰিলক্ষিত হয়৷
সৰুতে বিজ্ঞানী হোৱাৰ স্বপ্ন পুহি ৰখা হিমানীয়ে মার্ঘেৰিটা চেইণ্ট মেৰিজ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ ডিব্রুগড় ছল্ট ব্রুক একাডেমীৰ পৰা দ্বাদশ শ্রেণী সফলতাৰে উত্তীর্ণ হয়৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত পদার্থ বিজ্ঞানত তৃতীয় স্থান লাভেৰে সাফল্য লাভ কৰি বর্তমান তেজপুৰ বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ (এপ্লাইড ফিজিক্স আৰু এষ্ট্র’ফিজিক্স) স্নাতকোত্তৰ শাখাত অধ্যয়নৰত৷ কেৰালাৰ তিৰুৱনন্তপুৰম বিশ্ববিদ্যালয়ৰ ICARDত ইণ্টাৰ ইউনির্ভাছিটী চেণ্টাৰ ফ’ৰ এষ্ট্রনমী এণ্ড এষ্ট্র ফিজিক্স (IUCAA)ৰ উদ্যোগত ২০ৰ পৰা ২২আগষ্টলৈ আয়োজন কৰা কর্মশালাত অংশগ্রহণৰ বাবে নির্বাচিত হিমানী গুৰুঙে ভাৰতৰ প্রথম সৌৰ পর্যবেক্ষণ পদ্ধতি, ADITYA-L1ৰ সংগৃহীত তথ্যৰ বিশ্লেষণ আৰু সৌৰ জগতৰ বাহ্যিক স্তৰসমূহৰ অধ্যয়ন আৰু পৰিৱেশ নির্মাণৰ বিষয়ে জ্ঞান আহৰণ কৰিব৷ অসম তথা উত্তৰ–পূবৰ গৌৰৱ, প্রবল সম্ভাৱনাপূর্ণ মেধাৱী ছাত্রী হিমানীৰ সাফল্যত পিতৃ–মাতৃ, পৰিয়ালবর্গৰ লগতে সমগ্র অঞ্চলবাসী উৎফুল্ল হৈ পৰিছে৷
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই