কামৰূপৰ আদৰ্শ বিদ্যালয়, দোকুচিৰ ছাত্ৰ বেদব্ৰত দাসে নীট-২০২৬ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। উল্লেখ্য যে বেদব্ৰত দাসে আদৰ্শ বিদ্যালয় দোকুচিত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়িছিল। ছাত্ৰগৰাকীৰ এই সফলতাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° ৰমেন বায়ন তথা সমূহ শিক্ষক-শিক্ষয়িত্ৰী উৎফুল্ল হোৱাৰ সমান্তৰালকৈ নগৰবেৰা অঞ্চলতো উলাহৰ ঢৌ নামিছে |
বেদব্ৰত দাস বজালী জিলাৰ ৰেহাবাৰী গাঁৱৰ দিপেন দাস আৰু সন্ধ্যা ৰয়ৰ সন্তান। শিক্ষক পিতৃ কৰ্মসূত্ৰে সম্প্ৰতি নগৰবেৰাৰ বাসিন্দা | ছাত্ৰগৰাকীৰ এই সফলতা তথা তেওঁৰ ভৱিষ্যতৰ শৈক্ষিক আৰু পেছাদাৰী দিশ সুফল হোৱাৰ কামনা কৰিছে আদৰ্শ বিদ্যালয় দোকুচিৰ অধ্যক্ষ ড° ৰমেন বায়ন সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ জুলাই :