নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰে যুঁজঃ দুই কোটি দান বিৰাট কোহলি–অনুষ্কা শর্মাৰ

নিয়মীয়া বাৰ্তা, ৮ মে:   ভাৰতত ক’ৰোনাৰ ভয়াৱহতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ অভিনেত্রী পত্নী অনুষ্কা শর্মাই৷ ক’ভিডৰ লগত যুঁজি থকা লোকসকলক সহায় কৰাৰ বাবে বিৰুষ্কাই এক পুঁজি সংগ্রহ আঁচনিলৈ দুই কোটি টকা দান কৰিছে৷

টীম ইণ্ডিয়াৰ অধিনায়ক কোহলি আৰু বলীউডৰ মোহময়ী অভিনেত্রী অনুষ্কা শর্মাৰ প্রধান লক্ষ্য হ’ল এই পুঁজি সংগ্রহ আঁচনিৰ জৰিয়তে সাত কোটি টকা আহৰণ কৰা৷ পুঁজি সংগ্রহ আঁচনিৰ পৰা লাভ কৰা সমস্ত ধন কোহলি আৰু অনুষ্কাই ক’ভিড আক্রান্ত লোকসকলৰ সাহায্যৰ বাবে দান কৰিব৷ ইতিমধ্যে এই কামত উঠিপৰি লাগিছে দুয়োগৰাকী চেলিব্রিটীয়ে৷

ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিৰাট আৰু অনুষ্কাই এই আঁচনিৰ কথা জনাই কয় যে ৭ দিনৰ বাবে এই পুঁজি সংগ্রহ আঁচনিৰ কাম চলিব৷ ইয়াৰ জৰিয়তে লাভ কৰা সমস্ত ধন এ চি টি গ্রাণ্টছক প্রদান কৰা হ’ব আৰু ইয়াৰ পিছত এই ধনৰাশি অক্সিজেন, চিকিৎসাৰ সা–সঁজুলি, মেনপাৱাৰ আৰু ভেকচিনেচনৰ সুবিধাৰ বাবে খৰচ কৰা হ’ব৷

ক’ৰোনাৰ ভয়াৱহতাৰ বাবে ভাৰতত সম্প্রতি কঠিন পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি বিৰাট কোহলিয়ে কয় যে দেশৰ বিপদৰ সময়ত আমি সকলোৱে একগোট হোৱাৰ প্রয়োজন আৰু নিকটৱর্তী লোকসকলৰ জীৱন বচোৱাটো উচিত৷ বিগত বর্ষতো অনুষ্কা আৰু মই অসহায় লোকৰ দুখ দেখি মর্মাহত হৈছিলোঁ৷ সেয়েহে আমি এইবাৰ পুঁজি সংগ্রহৰ বাবে আঁচনি হাতত লৈছোঁ৷– কোহলিয়ে কয়৷

You might also like