নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে আজমলক যিমান চাৰ্টিফিকেট দিছে, এআইইউডিএফেও সিমান দিয়া নাইঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ অসমৰ ৰাজনীতিত সম্প্ৰতি সবাতোকৈ চৰ্চিত ৰাজনীতিক ৰূপে পৰিচিত হৈছে বদৰুদ্দিন আজমল। এই চৰ্চাৰ কাৰণ এআইইউডিএফ প্ৰধানগৰাকীৰ সাম্প্ৰদায়িক মন্তব্য বা চিন্তা।

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ পিছতে আজমলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ হৈ থকা সৰৱ চৰ্চাৰ মাজতে কংগ্ৰেছে বাৰে বাৰে বিমোৰত পৰিছে নেতাগৰাকীক লৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজমল সাম্প্ৰদায়িক নহয় বুলি ক্লীনছিট দিয়াৰ লগতে অলপতে কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়েও এআইএইডিএফক সাম্প্ৰদায়িক মন্তব্য দিলে কংগ্ৰেছে বৰদাচ নকৰে বুলি প্ৰকাশ কৰিছিল।

মুঠতে আজমল আৰু সাম্প্ৰদায়িকতাবাদ একাকাৰ হৈ পৰাৰ দৰে এক পৰিৱেশ বিৰাজ কৰিছে অসমত। আজি এই সম্পৰ্কে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত উল্লেখ কৰে এনেদৰে- ‘কংগ্ৰেছ-অজাপ-ৰাইজৰ দলৰ আদি আৰু অন্ত এতিয়া আজমলতেই সীমাবদ্ধ। আজমলকে তেওঁলোকে নেতা মানি লৈছে। কংগ্ৰেছেতো আজমলক সাম্প্ৰদায়িক নহয় বুলি যিমান চাৰ্টিফিকেট দিছে, এআইইউডিএফেও নিজক সিমান দিয়া নাই।’

You might also like