নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশ্মা ভেঞ্চাৰৰ ‘মন পখিলা- এগৰাকী মহিলাৰ সপোন’ৰ দ্বিতীয় ছিজন ঘোষণা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ অসমৰ এক সামাজিক উদ্যোগ কিশ্মা ভেঞ্চাৰে “মন পখিলা- এগৰাকী মহিলাৰ সপোন” শীর্ষক অনুষ্ঠানটোৰ চিজন-২ ঘোষণা কৰিছে। যিসকল বিবাহিত মহিলাই তেওঁলোকৰ সাংস্কৃতিক আৰু সৃষ্টিশীল প্রতিভা প্রদর্শন কৰিবলৈ কোনো সমর্থন লাভ নকৰে, তেওঁলোকক এই অনুষ্ঠানটোৱে প্রতিভা প্রদর্শনৰ এক মঞ্চ প্রদান কৰে।

এই অনুষ্ঠানটোৱে মুখ্যতঃ সেই মধ্যবিত্ত মহিলাসকলৰ ওপৰত গুৰুত্ব দিয়ে, যিসকল প্রতিভাশালী আৰু শিক্ষিত কিন্তু তেওঁলোকৰ বেছিভাগেই ব্যক্তিগত আৰু পাৰিবাৰিক কাৰণৰ বাবে নিজৰ পৰিচয় হেৰুৱাইছে৷ এইক্ষেত্ৰত এনে প্ৰতিভাশালী মহিলাসকলে মন পখিলাৰ ৱেবছাইট www.kishmaventure.comত অনলাইন পঞ্জীয়ন কৰিব পাৰে।

ইচ্ছুক অংশগ্রহণকাৰীসকলে অডিচনৰ দিনা ৫ আৰু ৬ ফেব্রুৱাৰীত দিনৰ ১২:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে এন একছ টি জিম,এ.বি.চি. গুরাহাটীত পঞ্জীয়ন কৰাব পাৰিব।

এই সম্পৰ্কে প্রতিষ্ঠানটোৰ মালৱিকা শইকীয়াই কয়, “আমি ‘মন পখিলা-এগৰাকী মহিলাৰ সপোনৰ দ্বিতীয় ছিজন ঘোষণা কৰি সুখী আৰু উৎসাহিত, যোৱা ঋতুত আমি ৩০ৰো অধিক অংশগ্রহণকাৰী লাভ কৰিছিলো। আমি এই ঋতুতো যথেষ্ট ভাল সঁহাৰি আশা কৰি আছো আৰু সেয়েহে আমি আনুষ্ঠানিকভাৱে আমাৰ অনলাইন পঞ্জীয়ন মুকলি কৰিছো আৰু ঠাইতে পঞ্জীয়নৰ তাৰিখ ঘোষণা কৰিছো যি অডিচনৰ দিনা অনুষ্ঠিত হ’ব।”

উল্লেখ্য, কিশ্মা ভেঞ্চাৰে ২০২১ চনৰ চূড়ান্ত প্রতিযোগিতাৰ নির্ণায়ক খণ্ড গুৱাহাটীত মে’ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

You might also like