নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহৱসান

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ বদৰপুৰৰ বিধায়ক জামাল উদ্দিনৰ দেহাৱসান। ২৬ জানুৱাৰীৰ নিশা হঠাৎ অসুস্থ হৈ পৰা বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ উল্লেখ্য যে যোৱা নিশা  হঠাতে তেওঁৰ কৰিমগঞ্জ মাইজডিহি ৰোডস্থ নিজা বাস ভবনত শাৰীৰিক অৱনতি ঘটে। পিছত পৰিয়ালৰ লোকে তেখেতক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত লৈ যায়। শাৰীৰিক অবস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসক সকলে উন্নত মানৰ চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ যাবলৈ পৰামৰ্শ দিলে যদিও  শিলচৰ লৈ যোৱাৰ পূৰ্বে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় তেওঁৰ।

নিম্ন ব্লাড ছুগাৰ আৰু হৃদ ৰোগত আক্ৰান্তত হৈ মৃত্যু হয় বিধায়কগৰাকীৰ। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৬৬। দুই পুত্ৰ আৰু তিনি কন্যা থৈ গৈছে তেওঁৰ। বদৰপুৰৰ তিনিবাৰৰ কংগ্ৰেছৰ বিধায়ক আছিল তেওঁ। ২০০১, ২০১১ আৰু ২০১৬ চনত তেওঁ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈছিল। যোৱাকালি নিজ সমষ্টিৰ বিভিন্ন ঠাইত চাৰিটাকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি ৰাতি ৮টা বজাত ঘৰত উপস্হিত হয় তেওঁ। আজি আবেলি চাৰিটা বজাত বদৰপুৰ সমষ্টিৰ কালিগঞ্জ কোনাপাড়া তেওঁৰ নিজ বাস ভবনত শেষ কৃত সম্পূৰ্ণ হ’ব।

You might also like