নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ, প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰঃ ৰিপ্লাবিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীক বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয় প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। এয়া গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ ওপৰত হোৱা আক্ৰমণ। শাৰিৰীকভাৱে অপদস্থ কৰি অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰি সংবাদমাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ কাৰ্য। ইয়াৰ যোগেদি মুম্বাইৰ আৰক্ষীৰ প্ৰতিশোধ পৰায়ণতাৰ মনোভাৱ বুলি অভিহিত কৰিছে বিত্তমন্ত্ৰী গৰাকীৰ। ৰাজনৈতিকভাৱে পৰোচিত লজ্জাহীনকাণ্ড বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই। এই কাৰ্যৰ দ্বাৰা মহাৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থা চলি আছে বুলি ধাৰণা হয়।

You might also like