নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই জীৱন এৰি গুচি গ’ল বলীউডৰ আৰু এগৰাকী অভিনেতা…

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ আৰু এগৰাকী বলীউডৰ অভিনেতাই ইহসংসাৰৰ পৰা ল’লে বিদায়। তেওঁ ‘৯০ৰ দশকৰ অভিনেতা ফাৰাজ খান। অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ ‘মেহেন্দি’ ছবিখনৰ সহঃ অভিনেতা ৰূপে অভিনয় কৰিছিল ফাৰাজ খানে।

বলীউড জগতৰ এসময়ৰ সুদৰ্শন অভিনেতা ফাৰাজ খানৰ মৃত্যুৰ খবৰ অভিনেত্ৰী পূজা ভাটে টুইটযোগে জনায়। দীৰ্ঘদিন ধৰি নিউমনিয়াৰ বাবে মস্তিষ্কৰ সংক্ৰমণত ভোগা অভিনেতাগৰাকী আৰ্থিক দুৰৱস্থাত পৰিছিল।

কিছুদিন আগতে অভিনেতা ছলমান খানে তেওঁৰ হাস্পতালৰ সমষ্ট খৰচ বহন কৰি সকাহ দিছিল পৰিয়ালটোক। মাত্ৰ ৪৬ বছৰ বয়সত মৃত্যুবৰণ কৰা অভিনেতাগৰাকীয়ে ‘ফাৰেব’, ‘পৃথিৱী’, ‘দুলহন বনু মে তেৰি’, ‘দিল নে ফিৰ য়াদ কিয়া’ আদি ছবিত অভিনয় কৰিছিল।

You might also like