নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰতীৰত অশ্লীল ভিডিঅ’ শ্বুটিঙৰ অভিযোগত অভিনেত্ৰীৰ বিৰুদ্ধে FIR

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ বিতৰ্কিত অভিনেত্ৰী পুনম পাণ্ডেৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। বাতৰি সংস্থা এ এন আইৰ প্ৰতিবেদন অনুসৰি পুনম পাণ্ডেই গোৱাৰ সাগৰতীৰত অশ্লীল ভিডিঅ’ শ্বুটিং কৰিছিল। আৰক্ষীৰ ফালৰ পৰা এজাহাৰ দাখিলক লৈ কোনো কথা অৱশ্যে এতিয়ালৈ ব্যক্ত কৰা নাই।

উল্লেখ্য লকডাউনৰ মাজতে অভিনেতা শ্যাম বোম্বেৰে বিবাহপাশত আবদ্ধ হোৱা পুনম পাণ্ডে আজি বহুদিন ধৰি গোৱাতে আছে। হনীমুন ট্যুৰৰ সময়ত দুয়ো স্বামী-স্ত্ৰীৰ মাজত দুৰ্বাদল কাজিয়াও হৈছিল যদিও পিছত পুনৰ মিলন হয়। এতিয়া গোৱাতে ব্যস্ত থকা পাণ্ডেৰ অশ্লীল ভিডিঅ’ শ্বুটিঙৰ বাবে গোৱা ফৰৱাৰ্ড পাৰ্টীৰ কোনো সদ্যস্যই এজাহাৰ দাখিল কৰি আৰু পুনৰ বিতৰ্কৰ মাজলৈ আনিলে পুনম পাণ্ডেক।

You might also like