নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীর্ণ টাই যাদুঘৰ ১৫ দিনৰ ভিতৰত উন্নীতকৰণৰ নির্দেশ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সাংস্কৃতিক সঞ্চালকালয়ৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগ থকাৰ পিছতো শিৱসাগৰৰ টাই যাদুঘৰৰ জৰাজীর্ণ অৱস্থাক লৈ উদ্বেগৰ সৃষ্টি হৈছে৷ পুৰাতাত্ত্বিক সমল সংৰক্ষণ কেন্দ্রটোৰ জহি–খহি যোৱা পৰিস্থিতিৰ বুজ ল’বলৈ কালি হঠাৎ শিৱসাগৰত উপস্থিত হয় ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কালিৰ পৰা এটা মাহৰ পূর্বে স্থানীয় যুৱদ’লত আয়োজিত এক অনুষ্ঠানত অংশ লৈ হঠাৎ কাষতে থকা টাই যাদুঘৰ প্রত্যক্ষ কৰিবৰ বাবে প্রৱেশ কৰাৰ সময়তেই মন্ত্রী ড০ শর্মাৰ দৃষ্টিগোচৰ হৈছিল চৰকাৰী অৱহেলাত মৃত্যুমুখলৈ গতি কৰা গৃহটোৰ প্রকৃত ছবি৷

সেইদিনাই বিভাগীয় কর্তৃপক্ষক এনে দুৰৱস্থাৰ বাবে জবাবদিহি কৰি আজি দ্বিতীয়বাৰৰ বাবে ড০ শর্মা পুনৰ উপস্থিত হ’লহি টাই যাদুঘৰৰ চৌহদত৷ বিভাগীয় আয়ুক্ত সচিব প্রীতম শইকীয়াসহ উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই বিষয়ামণ্ডলীৰ আগত উন্নীতকৰণৰ পৰিকল্পনা সদৰী কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে পোনে পোনে আহি অ’এনজিচিৰ হেলিপেডত অৱতৰণ কৰাৰ পিছতেই মন্ত্রীগৰাকী উপস্থিত হয় টাই যাদুঘৰত৷

আয়ুক্ত সচিব প্রীতম শইকীয়া, জিলা সাংস্কৃতিক বিষয়া যজ্ঞেশ্বৰ গগৈ, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ লগতে সাংস্কৃতিক বিভাগৰ আন বহু বিষয়াৰ লগতে মন্ত্রীগৰাকীৰ সৈতে উপস্থিত আছিল ৰাজ্যিক মন্ত্রী যোগেন মহন, সাংসদ তপন গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, বিজেপি নেত্রী সুৰভি ৰাজকুমাৰী, যুৱনেতা ময়ূৰ বৰগোহাঁই আদি৷

মন্ত্রীগৰাকীয়ে টাই যাদুঘৰৰ এই দুৰৱস্থা সন্দর্ভত সাংস্কৃতিক বিষয়া যজ্ঞেশ্বৰ গগৈৰ পৰা কৈফিয়ৎ বিচাৰে৷ সদুত্তৰ দিব নোৱাৰাত মন্ত্রী ড০ শর্মাৰ ককর্থনাৰ সন্মুখীন হ’ব লগা হয় সাংস্কৃতিক বিষয়াজন৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত জিলা উপায়ুক্তকো জবাবদিহি কৰে৷ বিষয়ামণ্ডলীৰ পৰা টাই যাদুঘৰৰ আভ্যন্তৰীণ দুৰৱস্থাৰ বুজ লৈ এইবাৰ মন্ত্রীগৰাকী উপস্থিত হয় যাদুঘৰটোৰ পিছফালে৷

ইয়াতেই মন্ত্রী ড০ শর্মাই সাংস্কৃতিক বিভাগৰ মন্ত্রী নৱ দলেৰ লগতে সাংস্কৃতিক বিভাগৰ শীর্ষ বিষয়াৰ সৈতে আলোচনা কৰি যুগুত কৰা পৰিকল্পনাও বিষয়ামণ্ডলীৰ আগত সদৰী কৰে৷ এই পৰিকল্পনা অনুসৰি টাই যাদুঘৰৰ পিছফালে খালী থকা অংশটোৰ সদ্ব্যৱহাৰ কৰি শিশুৰ উপযোগীকৈ এখন উদ্যান নির্মাণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ লগতে টাই যাদুঘৰটো আৰু উন্নত পৰিকল্পনাৰে সম্পূর্ণ আধুনিকীকৰণেৰে দেশী–বিদেশী পর্যটকৰ বাবে আকর্ষণীয় কৰি তুলিবলৈ নির্দেশ দিয়ে৷

গুৱাহাটীৰ পৰাই তৈয়াৰ কৰি অনা পৰিকল্পনাৰ আধাৰত আগন্তুক ১০ৰ পৰা ১৫ দিনৰ ভিতৰত সেই পৰিকল্পনা কার্যকৰীকৰণৰ নির্দেশ দিয়ে মন্ত্রী ড০ শর্মাই৷ মন্ত্রীগৰাকীয়ে আগন্তুক দিনত টাই যাদুঘৰত দেশী–বিদেশী পর্যটকৰ মনোৰঞ্জনৰ বাবেও পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ বিশেষকৈ টাই যাদুঘৰক সম্প্রসাৰণ কৰা, ভিতৰত অডি’ ভিজুৱেল ব্যৱস্থাৰ লগতে যাদুঘৰৰ ভিতৰত থকা সংৰক্ষিত পৌৰাণিক সমলসমূহক গৱেষকসকলেও যাতে গৱেষণাৰ আধাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, সেই ব্যৱস্থাও শিৱসাগৰৰ টাই যাদুঘৰত ডপলব্ধ কৰা হ’ব বুলি অৱগত কৰে মন্ত্রী ড০ শর্মাই৷

আনহাতে বিদ্যুতৰ বিল অনাদায়ৰ বাবে দীর্ঘ সময় ধৰি অন্ধকাৰত বুৰ গৈ থকা যাদুঘৰৰ অনাদায় বিল চৰকাৰী শিতানৰ পৰা আদায় দিয়া, টাই যাদুঘৰত কিডৰেটৰ আৰু নেৰেটৰ নিযুক্তি দিয়াৰ লগতে পূর্বৰ এডভাইজাৰী কমিটী ভংগ কৰি মেনেজমেণ্ট সমিতিৰ হাতলৈ সম্পূর্ণ ক্ষমতা অর্পণ কৰাৰ লগতে কেতবোৰ গুৰুত্বপূর্ণ নীতি–নির্দেশনা জাৰি কৰে মন্ত্রীগৰাকীয়ে৷

টাই যাদুঘৰৰ স্বকীয়তা ৰক্ষা কৰি একে স্থানতে অত্যাধুনিক কাৰুকার্যৰে অধিক আকর্ষণীয় ৰূপত সজাই–পৰাই তোলাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা তেওঁ উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে টাই যাদুঘৰত পূর্ণ পর্যায়ত বিষয়া–কর্মচাৰী নিযুক্তি দিয়াৰ লগতে খালী পদসমূহতো অচিৰেই নিযুক্তি দিয়া হ’ব বুলি তেওঁ সাংবাদিকৰ আগত ব্যক্ত কৰে৷

You might also like