নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংকৰ পৰা সহজে ঋণ পাব  দৰিদ্র লোকে

পদপথৰ ব্যৱসায়ীৰে প্রধানমন্ত্রীৰ বার্তালাপ

নিয়মীয়া  বাৰ্তা, ২৮ অক্টোবৰঃ বেংকিং ব্যৱস্থাৰ সৈতে এতিয়া দুখীয়া লোক সম্পর্কিত হৈছে৷ তেওঁলোকে সহজে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে৷ পদপথৰ ব্যৱসায়ীলৈ ঋণ প্রদান কৰা হৈছে আৰু তেওঁলোকে সময় মতে কিস্তি পৰিশোধ কৰি আছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌত ভিডি’ কনফাৰেঞ্চযোগে প্রধানমন্ত্রী পদপথ ব্যৱসায়ী আত্মনির্ভৰ নিধি (পিএম স্ব–নিধি আঁচনি)ৰ হিতাধিকাৰীৰে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য কৰি বিৰোধীক আক্রমণৰ লক্ষ্য কৰি লয়৷

প্রধানমন্ত্রী মোদীয়ে কয় যে পূর্বতে বেংকৰ লোন পাবলৈ সক্ষম নোহোৱা দুখীয়া লোকৰ ভিতৰত পদপথৰ ব্যৱসায়ীক ঋণ প্রদান কৰি তেওঁৰ চৰকাৰে ব্যৱসায়ীসকলৰ সাধুতা আৰু কঠোৰ পৰিশ্রমক স্বীকৃতি দিছে৷ বিৰোধীক আক্রমণৰ লক্ষ্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়– দুখীয়াৰ নামত ৰাজনীতি কৰাসকলে এনে এক পৰিৱেশৰ সৃষ্টি কৰিছিল যে যদি তেওঁলোকক ঋণ প্রদান কৰা হয়, তেতিয়া হ’লে সেয়া পৰিশোধ নকৰে৷

যিসকলে কেলেংকাৰিত জড়িত সেইসকলেই নিজৰ দোষ ঢ়াকিবলৈ সকলো অসাধুতা দুখীয়াৰ ওপৰত জাপি দিয়ে৷ আগ্রা, বাৰাণসী আৰু লক্ষ্ণৌৰ তিনিগৰাকী হিতাধিকাৰীৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে দুখীয়া লোকক প্রশংসা কৰি কয়– মই সদায়েই কৈ আহিছোঁ যে দেশৰ দুখীয়া লোকে কেতিয়াও সাধুতা আৰু আত্মসন্মানৰ সৈতে আপোচ নকৰে৷ প্রধানমন্ত্রী স্ব–নিধি যোজনাৰ জৰিয়তে দুখীয়া লোকে দেশবাসীৰ সমুখত তেওঁলোকৰ সাধুতাৰ প্রমাণ পুনৰ দাঙি ধৰিলে৷

ইপিনে, জন–ধন একাউণ্ট খোলাৰ সময়তো একাংশ লোকে তেওঁৰ চৰকাৰক প্রশ্ণ আৰু হাঁহিয়াতৰ পাত্র হিচাপে দেশবাসীৰ ওচৰত প্রকাশ কৰিব বিচাৰিছিল যদিও সেই জন–ধন একাউণ্টৰ জৰিয়তে দেশৰ দুখীয়া লোক লাভান্বিত হৈছে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰে তেওঁৰ চৰকাৰে কাম কৰি দেশক আগবঢ়াই নিবলৈ অহোপুৰুষার্থ কৰি আছে বুলিও কয় মোদীয়ে৷

উল্লেখ্য যে ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ বাবে হাহাকাৰৰ সমুখীন হোৱা দুখীয়া পদপথ ব্যৱসায়ীসকলক সহায়ৰ কাৰণে প্রধানমন্ত্রী স্ব–নিধি আঁচনি ১ জুনত মুকলি কৰা হৈছে৷ পদপথৰ ব্যৱসায়ীক ঋণ প্রদানৰ এই আঁচনিত দেশৰ প্রায় ২৫ লাখে আবেদন জনাইছিল যদিও ১২ লাখক ঋণ প্রদান কৰা হৈছিল৷ উত্তৰ প্রদেশত প্রায় ৬.৫ লাখে আবেদন জনাইছিল যদিও ইয়াৰে ৩.৭৫ লাখলৈ ঋণ আগবঢ়োৱা হয়৷ আজি প্রধানমন্ত্রী বার্তালাপ কৰা তিনিগৰাকী হিতাধিকাৰীৰ ভিতৰত এগৰাকী আগ্রাৰ ফলৰ ব্যৱসায়ী প্রীতি, মম’ আৰু কফী বিক্রী কৰা বাৰাণসীৰ অৰবিন্দ মৌর্য আৰু বাৰাণসীৰ ভেলপুৰী বিক্রেতা বিজয় বাহাদুৰ৷

You might also like