নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালৰ পৰা ঘৰলৈ গ’ল নৱজাতকসহ মাতৃ কৰীণা

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ দ্বিতীয় পুত্র সন্তানৰ মাতৃ হৈছে কৰীণা কাপুৰ৷ যোৱা ২১ ফেব্রুৱাৰীত মুম্বাই ব্রিছ কেণ্ডী হাস্পতালত অভিনেত্রী কৰীণা কাপুৰে এই পুত্র সন্তানটি জন্ম দিয়ে৷ মঙলবাৰে অভিনেতা ছঈফ আলী খানে কৰীণা আৰু নৱজাতক পুত্রক হাস্পতালৰ পৰা ঘৰলৈ লৈ গৈছে৷ নৱজাতকক ঘৰলৈ নিয়াৰ বাবে ছঈফে হাস্পতাললৈ নিজৰ সৈতে লৈ আহে জ্যেষ্ঠ পুত্র টিমটিম ওৰফে তৈমূৰক৷ চেলিব্রিটী কাপ’ল হিচাপে পৰিচিত ছঈফ আলী খান আৰু কৰীণা কাপুৰে কালি নৱজাতকক নিজ গাড়ীৰে ঘৰলৈ নিয়াৰ সময়ত হাস্পতালৰ বাহিৰতে পৰিয়ালটোৰ আলোকচিত্র ল’বলৈ সক্ষম হয় কেইবাগৰাকীও কেমেৰামেন৷

স্মর্তব্য যে ক’ভিড–১৯ লকডাউনৰ বাবে অভিনেতা দম্পতীয়ে বিগত বর্ষটোত কমসংখ্যক ছবিৰ কামত ব্যস্ত থাকিবলগীয়া হৈছিল৷ তথাপি কৰীণা কাপুৰ মাত্র কেইমাহমান পূর্বলৈ ‘লাল সিং চাদ্ধা’ নামৰ ছবিখনৰ দৃশ্যগ্রহণত ব্যস্ত আছিল৷ ছঈফ আলী খানক শেহতীয়াকৈ দেখা গৈছে আমাজ’নৰ ধাৰাবাহিক ‘তাণ্ডৱ’ত৷ ইয়াৰ পিছতে অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব ‘আদিপুৰুষ’, ‘ভূত পুলিচ’ আৰু ‘বাণ্টী অউৰ বাবলী–২’ত৷ আজি কৰীণা–ছঈফৰ দ্বিতীয় পুত্রলৈ অনুৰাগীসকলে শুভাসিশ তথা শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like