নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্ৰ পথেৰে চাকৰি লোৱা সকলৰ যাব চাকৰি! পূৰ্বে হোৱা নিযুক্তিৰো তদন্ত হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ বাবে হোৱা লিখিত পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ আগত তেওঁ কয় যে বক্ৰ পথৰে চাকৰি লোৱা সকলোবোৰ তদন্তৰ আওঁতালৈ আহিব। নবেম্বৰ মাহলৈ মাত্ৰ অপেক্ষা কৰক। সকলোবোৰ গম পাব। আমি নিকা আৰু স্বচ্ছতাৰে নিযুক্তি দিম অসম আৰক্ষীত। ১৫ নবেম্বৰৰ ভিতৰত নতুনকৈ উপ-পৰিদৰ্শকৰ পৰীক্ষা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

অসমৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছ নাছিল কিন্তু আমি যত গম পাইছো কেলেংকাৰীৰ কথা আমি তদন্ত ঘোষণা কৰিছো। লোকসেৱা আয়োগৰ পৰীক্ষা ক্ষেত্ৰতো আমি স্বচ্ছতা আনিলো। গতিকে অপেক্ষা কৰক আমি নিকাকৈ নিযুক্তি দিম বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like