নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ ভয়ানক শাস্তি! নগ্ন কৰি পুৰুষাংগত ৫ কেজিৰ শিল বান্ধি দিলে গাঁওবাসীয়ে

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ মাৰাত্মক!নৃসংশ! অবিশ্বাস্য! শুনি আচৰিত লগা এই ঘটনা ঘটিল ওড়িশাত। ওড়িশাৰ বালাছোৰৰ বিলিয়াপাল ব্লকৰ চৌমুখ গাঁৱত পৰকীয়া প্ৰেমৰ বাবে এক অকল্পনীয় তথা ভয়াবহ শাস্তি দিলে এজন যুৱকক ।

ঘটনা অনুসৰি, বিজয় দাস ওৰফে বাপি নামৰ যুৱকজনে চৌমুখ গাঁৱৰ এগৰাকী মহিলাৰ সৈতে সম্পর্ক স্থাপন কৰিছিল । কিন্তু তেওঁ যে বিবাহিত আৰু দুটাকৈ সন্তানৰ পিতৃ, সেয়া গম পোৱা নাছিল মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে । লাহে লাহে বাপিৰ কামকাজত সন্দেহ উপজে গাঁওবাসীৰ। এই মহিলাগৰাকীৰ ঘৰৰ লোক যিসময়ত গৃহত অনুপস্থিত, ঠিক সেই সময়তেই তেওঁৰ কাষলৈ বাপিৰ সঘনাই যাতায়াত হয় । সুযোগ বুজি যোৱা দেওবাৰে বাপিক হাতেলোতে কৰায়ত্ত কৰে স্থানীয়লোকে।

আৰু স্থানীয়লোকসকলে তাক ধৰি এটা বিদ্যুতৰ খুঁটাত বান্ধি সোধপোছ কৰে লোকসকলে। ইয়াৰ পাছতে লোকজনে নিজৰ ভুল স্বীকাৰ কৰে। কিন্তু নিজৰ ভুল স্বীকাৰ কৰিও ৰাইজৰ ৰুষৰ পৰা সাৰি নগ’ল বাপি। লোকসকলে বাপিক নগ্ন কৰি মাৰধৰ কৰে আৰু শেষত গাঁওসভাৰ নির্দেশ অনুসাৰে যুৱকজনৰ পুৰুষাংগত বান্ধি দিয়া হয় প্রায় পাঁচ কেজি ওজনৰ এটা পাথৰ । আৰু তেনেকৈয়ে প্রায় ২ ঘণ্টা সময়ধৰি ৰখা হয় তাক ।

পাছত গাঁওখনৰ বয়ষ্ক মানুহৰ হস্তক্ষেপত বাপিক মুক্তি কৰা হয় । ইপিনে ঘটনাটিৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ।

অৱশ্যে বৰ্তমান এই ঘটনাৰ এক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

You might also like