নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও চৰাইবাহীৰ ঐতিহাসিক কমিটি ভাওনাত স্মৃতিগ্ৰন্থ উন্মোচন মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ স্মৃতিগ্ৰন্থ হ’ল সমাজ এখনৰ অন্তৰ আত্মা ৷ এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীৰ ৷ যোৱা ২ নৱেম্বৰৰ পৰা মৰিগাঁও জিলাৰ চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত অনুষ্ঠিত ১৬৫ বছৰীয়া ঐতিহাসিক কমিটি ভাওনা মহোৎসৱৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভাত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ স্মৃতিগ্ৰন্থ “কৰণি” উন্মোচন কৰি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে তেওঁৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে সকলো মানহৰ হৃদয়ত ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগে ৷ ভগৱানৰ প্ৰতি যদি সাধনা থাকে তেনেহলে আমি মঠ মন্দিৰলৈ যাৱ নালাগে৷ ঘৰতে ভগৱানক পাৱ পাৰি ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ দুফাঁকি বৰগীতেৰে ভাষণ আৰম্ভ কৰি লেখিকাগৰাকীয়ে মানুহেই ভগৱান বুলি প্ৰকাশ কৰে৷ চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কমলেন্দ্ৰ দেৱ নাথৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে বৰদোৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ দেৱ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মা, অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, চৰাইবাহী মহাবিদ্যালয় অধক্ষ্য ড° কমল চন্দ্ৰ নাথ, জেষ্ঠ সাংবাদিক জগদীশ নাথ আৰু কল্পতৰু চৌধুৰীয়ে৷ এই মুকলি সভাতে ৰংগন কুমাৰ নাথৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “কৰণি” উন্মোচন কৰে লেখিকা মৃণালিনী দেৱীয়ে ৷

প্ৰেৰক মানস নাথ

You might also like