নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা শৈক্ষিক বর্ষৰ পৰা অষ্টম শ্রেণীত বাধ্যতামূলক হ’ব বুৰঞ্জী–ভূগোল

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: অহা শৈক্ষিক বর্ষৰ পৰা অষ্টম শ্রেণীত বুৰঞ্জী–ভূগোল বিষয় দুটা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ প্রথমতে অষ্টম শ্রেণীত আৰু তাৰ পাছত পর্যায়ক্রমে নৱম–দশম শ্রেণীতো বাধ্যতামূলক হ’ব দুয়োটা বিষয়৷ –এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীর্ষক গ্রন্থখন উন্মোচন কৰি দিয়া ভাষণ আৰু ইয়াৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই দুয়োটা বিষয় বাধ্যতামূলক কৰাৰ ক্ষেত্রত অহা বছৰটো হয়তো এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে অসমৰ জাতি গঠন প্রক্রিয়াত কেইবাটাও জাতি–জনগোষ্ঠীৰ ইতিহাস জড়িত হৈ আছে৷ কিন্তু নতুন প্রজন্মই বুৰঞ্জীৰ বিষয়ে খুব কম চর্চা কৰাৰ পৰিপ্রেক্ষিতত আমাৰ এই জাতি সত্তাসমূহৰ বুৰঞ্জী, জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান, আমাৰ পূর্বপুৰুষসকল কোন– এই বিষয়বোৰ কম জনাৰ বাবে অসমত সামাজিক অশৃংখলতাৰো সৃষ্টি হৈছে৷ সেয়েহে নৰকাসুৰ, কুমাৰ ভাস্কৰ বর্মাৰ ৰাজত্বকালৰ পৰা লোকপ্রিয় গোপীনাথ বৰদলৈৰ সময়লৈকে নৱপ্রজন্মক ইতিহাসৰ জ্ঞানেৰে সমৃদ্ধ কৰি সুশৃংখল সমাজ ব্যৱস্থা গঢ়ি তোলাৰ স্বার্থত অহা বছৰৰ পৰা অষ্টম শ্রেণীত অসম–ভাৰত বুৰঞ্জী বাধ্যতামূলকভাৱে ছাত্র–ছাত্রীসকলক পুনৰ এবাৰ পঢ়াবলৈ আমি সিদ্ধান্ত লৈছোঁ৷ একেদৰে ভূগোল বিষয়টোকো আমি বাধ্যতামূলক পাঠ্যক্রম হিচাপে আৰম্ভ কৰিম৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে আমাৰ ৰাজ্যখনত বুৰঞ্জী পঢ়াৰ এটা পৰিৱেশ নির্মাণ হ’ব লাগে৷ বুৰঞ্জীৰ জৰিয়তে আমাৰ জাতিটোৰ অতীতক আলোকপাত কৰাৰ আমি সুবিধা পাম৷ বুৰঞ্জী ভালকৈ পঢ়িলে আমাৰ মাজত সমন্বয়ৰ অভাৱ নহ’ব৷ ৰাজ্য চৰকাৰে অহা বছৰৰ পৰা বুৰঞ্জীক এটা বাধ্যতামূলক পাঠ্যক্রম হিচাপে অন্তর্ভুক্ত কৰাৰ কথা দোহাৰি তেওঁ কয় যে পুৰণি বুৰঞ্জীখনৰ লগতে যোৱা দুটা দশকত অসম বুৰঞ্জীত যিবোৰ নতুন সমল পোৱা গৈছে, তাক সংলগ্ন কৰি বুৰঞ্জী পাঠ্যক্রমটো অহা বছৰৰ পৰা আমি বাধ্যতামূলকভাৱে আৰম্ভ কৰিম৷ প্রথমতে অষ্টম শ্রেণী আৰু তাৰ পাছত নৱম আৰু দশম শ্রেণীত এই পাঠ্যক্রম আৰম্ভ কৰা হ’ব৷ বুৰঞ্জী বিষয়টোত অসম বুৰঞ্জীৰ ৫০ নম্বৰ থকাৰ বিপৰীতে বাকী ৫০ নম্বৰ থাকিব ভাৰত বুৰঞ্জীত৷ সেইদৰে ভূগোল বিষয়টোৰ লগতে অলপ অলপ ৰাজনীতি বিজ্ঞান আৰু অর্থনীতি বিজ্ঞানো সোমাই থাকিব৷

You might also like