নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰ ঘৰ ত্ৰিৰংগাৰ কাৰ্যসূচী ভাটি জালভাৰীত গীতে মাতে সংগীতৰ লহৰে ত্ৰিৰংগা সমদল

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়ত অন্তগত ভাটি জালভাৰী গাওঁ উন্নয়ন সহযোগত আজাদী কা অম্‌ত মহোৎসৱ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে সজাগতামূলক ত্ৰিৰংগা সমদল উলিওৱা হয় ৷ ভাটি জালভাৰী গাওঁ পৰিচালনা সমিতি উদ্যোগত  আৰু ভাটি জালভাৰী গাওঁৰ অংকুৰিত সোণালী ক্‌ষ্টি বিকাশ কেন্দ্ৰ, গাওঁৰক্ষী বাহিনী, নামঘৰীয়া সমাজ, মহিলা সমিতি আদিৰ সহযোগত ভাটি জালভাৰী গাওঁ ক্‌ষ্টি বিকাশ কেন্দ্ৰৰ পৰা বাহিৰ কৰা ত্ৰিৰংগা সমদলৰ শুভ উদ্বোধন কৰে পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তৰ সভাপতি দুলাল দত্তই ৷ সোণাৰি চাপৰি অঞ্চলৰ জনপ্ৰিয়  সংগীত শিল্পী অজয় পেগুৰ সংগীতৰ লহৰত গাওঁখনৰ শতাধিক পুৰুষ মহিলা আৰু কিশোৰ কিশোৰী সকলক লৈ উলিওৱা ত্ৰিৰংগা সমদলে ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে ৰাইজৰ মাজত সজাগতা স্‌ষ্টি কৰা হয় ৷

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like