নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত পুত্রক পেণ্ট কিনি দিব নোৱাৰি ক্ষুদ্র ব্যৱসায়ীৰ আত্মহত্যা

লকডাউনত আর্থিক সংকট

নিয়মীয়া বাৰ্তা ২৩ জুনঃ হোজাইত পুত্রক হাফপেণ্ট দিব নোৱাৰা বাবেই পিতৃ দিৱসৰ দিনাই পিতৃয়ে আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনাৰ স্থান হোজাইৰ ডবকা নাহাৰ গাঁও এন আৰ আই পাব্লিক স্কুলৰ সমীপৰ৷ জানিব পৰা মতে, কিছু দিনৰ পৰা কণমানি পুত্রই পিতৃ মতিলাল পালক এটা হাফপেণ্ট বিচাৰিছিল৷ পত্নী দীপালী পালেও পুত্রক হাফপেণ্ট দিয়াৰ বাবে হেঁচা দিছিল স্বামীক৷ লকডাউনৰ ফলত তীব্র আর্থিক সংকটত ভুগিছিল ডবকা বজাৰত ফুটপাথত ক্ষুদ্র কাপোৰৰ দোকান দি পৰিয়াল পোহপাল দিয়া মতিলাল পালে৷ লকডাউনৰ বাবে ব্যৱসায় কৰিব পৰা নাছিল পালে৷ তাৰ মাজতেই যোৱা শনিবাৰে পৰিয়ালটোৰ মাজত এটা হাফপেণ্টৰ বাবেই সৃষ্টি হৈছিল কাজিয়াৰ৷ কাজিয়াৰ ফলত মতিলালে মাৰপিট কৰে পত্নী দীপালী আৰু কণমানি পুত্রক৷ তাৰ পাছতেই সন্ধিয়াৰ ভাগত পত্নী দীপালী পালে গৈ ডবকা আৰক্ষী থানাত গোচৰ দিয়ে৷ সেই নিশা পুনৰ স্বামী–স্ত্রীৰ মাজত গোচৰ দিয়াক লৈ পুনৰ সংঘাত সৃষ্টি হয়৷ দুয়োৰে মাজত বুজাবুজিৰ অন্তত কালি পত্নী দীপালী পালে দুই কণমানি পুত্রক লগত লৈ গোচৰ প্রত্যাহাৰ কৰিবলৈ ডবকা থানা পোৱাৰ পূর্বেই স্বামী মতিলাল পালে ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰিছে৷ এই মর্মান্তিক ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

You might also like