নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ জানত দুজনৰ সলিল সমাধি

জলসম্পদৰ হেমাহিত সর্বস্বান্ত ধেমাজিৰ হাজাৰ হাজাৰ নৈপৰীয়া

  • দিখৌৰ ভয়াৱহ বানৰ কবলত শতাধিক গাঁও
  • সোৱণশিৰিৰ খহনীয়াই বিপদ মাতিছে লখিমপুৰলৈ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ নাজিৰা মহকুমাৰ অন্তর্গত চণ্টক চাহ বাগিচাৰ ৬নং লাইন শ্মশান পথত এটা জান পাৰ হ’বলৈ চেষ্টা কৰোঁতে এজন যুৱকৰ সলিল সমাধি ঘটে৷ বানপানীৰ বাবে জানটোত পানীৰ সোঁত বৃদ্ধিৰ বাবেই সুনীল নাথ (নগা) নামৰ যুৱকজনে সাঁতুৰি পাৰত উঠিব নোৱাৰি মৃত্যুক আঁকোৱালি লয়৷ সুনীল নাথ বিহুবৰ বন কার্যালয়ত অস্থায়ীভাৱে ৰান্ধনি কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে৷ আনহাতে, শিৱসাগৰ জিলাৰ হাঁহচৰা কুঁজিবালিত দিখৌ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা শিৱসাগৰ–শিমলুগুৰ্ সংযোগী পথৰ কাষৰ পানীত পৰে এজন যুৱক৷ মৃত যুৱকজনৰ নাম ৰাতুল স্বর্ণকাৰ ওৰফে ৰংমন৷ মৃত ব্যক্তিজনৰ বয়স ৩৮ বছৰ৷ যুৱকজনক সংকটপূর্ণ অৱস্থাত স্থানীয় ব্যক্তিয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও অৱশেষত মৃত্যুক সাবটি ল’ব লগা হয়৷ জানিব পৰা মতে, যুৱকজনৰ ঘৰৰ সন্মুখতে দিখৌৰ বানপানীত উটি অহা খৰি ধৰিবৰ বাবে নামি যাওঁতে পানীত ডুব যায়৷ চিকিৎসালয়লৈ নিয়াৰ পাছতে ডাক্তৰে মৃত ঘোষণা কৰে ব্যক্তিজনক৷
দিখৌ নদীৰ বানৰ কবলত শতাধিক পৰিয়াল
ফেনে ফোটোকাৰে কালিৰে পৰা বাঢ়ি থকা দিখৌ নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ বিভিন্ন প্রান্তৰ শতাধিক পৰিয়াল ইতিমধ্যে বানৰ কবলত পৰিছে৷ জিলাখনৰ বিভিন্ন প্রান্তৰ লগতে ৰুদ্রসাগৰ গাঁও পঞ্চায়তৰ অন্তর্গত এটা বিস্তৃত এলেকাৰ বহুকেইখন গাঁৱৰ ৰাইজ নদীখনৰ বাঢ়নী পানীৰ কবলত পৰিছে৷ শেনচোৱা, দামোদৰ চুক, লিগিৰা চুক, ভাটী বনগাঁও, ভটীয়াপাৰ বাৰীচুক, ৰূপহীমুখ, বলিয়াঘাট, পথলিয়াল আদিকে ধৰি বহুকেইখন গাঁৱৰ ভিতৰত শেনচোৱা আৰু ভাটীবনগাঁৱৰ ৰাইজ সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ পুৱাৰে পৰা নদীখনৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পাই আছিল যদিও সন্ধিয়ালৈ হঠাৎ নদীখনৰ জলপৃষ্ঠ দুগুণ বৃদ্ধি পাবলৈ ধৰে৷ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে গাঁওবাসী আতংকিত হৈ পৰে৷ তদুপৰি কেইবাঠাইত খহনীয়াৰ কবলত পৰি মথাউৰিসমূহ প্রায়ে নিশ্চিহ্ণ হোৱাৰ পথত৷ যাক লৈ গাঁওবাসীৰ আতংক দুগুণে বৃদ্ধি পাবলৈ ধৰে৷ আনহাতে, বাঢ়নী পানীয়ে নিশাই ভাটী বনগাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰ–দুৱাৰ আদি বুৰাই পেলায়৷ বানত আবদ্ধ হৈ থকা পৰিয়ালসমূহৰ একাংশই নিশাই পাৰলৈ আহিবলৈ সক্ষম হোৱাৰ বিপৰীতে জিলাৰ পৰা যোৱা এন ডি আৰ এফ বাহিনীৰ জোৱানসকলে বানত আবদ্ধ হৈ থকা আন পৰিয়ালসমূহক উদ্ধাৰ কৰি পাৰলৈ আনে৷ স্থানীয় বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু ১৩৪নং ভটীয়াপাৰ প্রাথমিক বিদ্যালয়ত দুটাকৈ অস্থায়ী শিবিৰ স্থাপন কৰি বন্যার্তসকলক আশ্রয় প্রদান কৰা হৈছে৷ ইয়াৰ উপৰি গৌৰীসাগৰৰ সমীপৰ মিটং নকটানী গোসাঁই চুকতো দিখৌ নদীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে৷ উক্ত ঠাইত নদীখনৰ মথাউৰিত দেখা দিয়া উহেৰে ব্যাপক হাৰত পানী গাঁৱত সোমোৱাত আতংকিত হৈ পৰিছে ৰাইজ৷ ইফালে, দিখৌ নদীৰ বানে কোঁৱৰপুৰ মৌজাতো এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কোঁৱৰপুৰ গেমন দলং, কাডীগাঁও, বাৰেঘৰীয়া আদি কেইবাস্থানতো মথাউৰিৰ ওপৰেৰে দিখৌ নদীৰ বাঢ়নী পানী বাগৰি আছে৷ ইতিমধ্যে কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কোঁৱৰপুৰ ল’ৰা মজলীয়া বিদ্যালয়, শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, ৬৫নং নকটানী প্রাথমিক বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠান বাঢ়নী পানীত বুৰ যোৱাৰ লগতে বহু গুৰুত্বপূর্ণ নথি–পত্র পানীত নষ্ট হৈছে৷
চৰকাৰ–জলসম্পদ গাফিলতিত সর্বস্বান্ত ধেমাজিৰ নৈপৰীয়া ৰাইজ
বিগত বছৰসমূহৰ দৰে এইবাৰো বানপানীয়ে জুৰুলা কৰিছে ধেমাজিবাসীক৷ চৰকাৰ তথা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই প্রতিবছৰে সর্বস্বান্ত হৈ আহিছে ধেমাজিৰ নৈপৰীয়া ৰাইজ৷ বিভাগীয় বিষয়া–ঠিকাদাৰৰ খীৰতী গাইলৈ পর্যবসিত হোৱা জীয়াধল, সোৱণশিৰি, গাই নদী, চিমেন, লালী নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে জিলাবাসীক জুৰুলা কৰিছে৷ এজাক বৰষুণতে বাঢ়ি অহা জীয়াধল নৈৰ বাঢ়নী পানীয়ে যোৱা এমাহে বুৰাই পেলাইছে ধেমাজি ৰাজহ চক্রৰ অধীনৰ বাটঘৰীয়া, নৰোৱা থান, আজোহা আৰু চমৰাজান গাঁও পঞ্চায়তৰ অন্তর্গত ৩০ৰো অধিক গাঁৱৰ কৃষিভূমিৰ লগতে ঘৰ–দুৱাৰ৷ তাৰ লগতে কালি অর্থাৎ ২১ জুনত গাই নদীৰ সোঁপাৰৰ মথাউৰি ভাগি হাজাৰ হাজাৰ বিঘা খেতি মাটি নষ্ট হোৱাৰ লগতে বিস্তৰ ক্ষতি হৈছে৷ তদুপৰি জোনাইৰ লালী নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই অঞ্চলতো ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে৷ জলসম্পদ বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা বাহিৰ জোনাইৰ বেৰাচাপৰি অঞ্চলত এম জি এনৰেগা আঁচনিৰ অধীনত বালিৰে ৫০ লাখটকীয়া মথাউৰি নির্মাণ কৰিছিল যদিও এজাক বৰষুণতে উটি যায় সেই মথাউৰি৷ জিলা জলসম্পদ বিভাগৰ বিষয়াৰ অকর্মণ্যতা আৰু অদূৰদর্শিতাৰ বাবে আজিকোপতি সমাধান নহ’ল জিলাখনৰ বানপানী সমস্যা৷ এই অভিযোগ ধেমাজি জিলা ছাত্র সন্থাৰ৷ মথাউৰি ছিগি বানপানী হ’লেহে যেন সন্তুষ্টি লাভ কৰা জলসম্পদ বিভাগটো ঠিকাদাৰ আৰু বিষয়া–কর্মচাৰীসক বাবে খীৰতী গাই হিচাপেহে পৰিগণিত হৈছে বুলি এক বিবৃতিত উল্লেখ কৰি ৰাজ্যৰ সকলো মথাউৰিৰ মেৰামতি আৰু নির্মাণৰ কাম ৩১ মে’ৰ ভিতৰত সমাপ্ত কৰিব লাগিব বুলি কৈ থকা চৰকাৰে আজিও ধেমাজি জিলাৰ জীয়াধল আৰু গাই নদীৰ মথাউৰি মেৰামতিৰ বাবে চৰকাৰী পুঁজিৰ অনুমোদনে নিদিলে বুলি কয় ছাত্র সংগঠনটোৱে৷
লখিমপুৰত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া
ক’ৰোনা সংক্রমণৰ ভয়াৱহতাৰ মাজতে বানে থেকেচি যোৱা লখিমপুৰত এইবাৰ গৰাখহনীয়াই লৈছে সংহাৰী ৰূপ৷ বিশেষকৈ সোৱণশিৰি নৈয়ে চন্দ্রপুৰ, ন–আলি এলেকাত ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰি বৃহত্তৰ তেলাহী মৌজা, পানীগাঁও অঞ্চলকে ধৰি লখিমপুৰ নগৰৰ সুৰক্ষাকৱচস্বৰূপ ভীমপৰা মথাউৰিৰ নিচেই ওচৰ চাপিছে৷ নৈৰ খহনীয়াৰ পৰা মথাউৰিটোলৈ এতিয়া মাথোঁ পাঁচ মিটাৰমানহে বাকী৷ এনেস্থলত অচিৰেই মথাউৰিটো খহনীয়াত জাহ গ’লে তেলাহী মৌজাই নহয়, লখিমপুৰ নগৰ পর্যন্ত নৈখনৰ কবলত পৰিব৷ এলেকাটোত ইতিমধ্যে বালিঘাট, ১নং গেৰেকি, ২নং গেৰেকিকে ধৰি ঢ়কুৱাখনা বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও নিঃশেষ হোৱাৰ উপক্রম ঘটিছে নৈখনৰ খহনীয়াত৷ বিস্তৰ এলেকাৰ কৃষিভূমি খহনীয়াৰ ফলত নৈত জাহ গৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অনীহা আৰু জলসম্পদ বিভাগৰ ব্যর্থতাৰ বাবে বিগত দুটা দশকত নৈখনে গৰা খহাই প্রায় ৩০ কিলোমিটাৰ অতিক্রম কৰি সম্প্রতি ভীমপৰা মথাউৰিৰ ওচৰ চাপিছে৷ মথাউৰিটো খহনীয়াত জাহ গ’লে সুৰক্ষিত হৈ নাথাকিব লখিমপুৰ নগৰ পর্যন্ত এক বৃহৎ অঞ্চল৷ খহনীয়া অংশত বাঁহৰ পার্কুপাইন দি বিভাগটোৱে খহনীয়া ৰোধৰ প্রয়াস কৰিছে৷ লক্ষণীয় যে যিখন নৈত পানী অথবা সোঁতৰ প্রাবল্যৰ বাবে ২০০০ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ প্রকল্প নির্মাণ কৰা হৈছে, সেইখন নৈৰ সোঁত ৰোধ কৰি খহনীয়া প্রতিৰোধৰ বাবে বিভাগটোৱে বাঁহৰ পার্কুপাইন পেলাইছে৷ এই লৈ ক্ষতিগ্রস্ত অঞ্চলটোৰ ৰাইজ খর্গহস্ত হৈ পৰিছে জলসম্পদ বিভাগৰ ওপৰত৷

You might also like