নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ মাজত আৰক্ষীৰ আতংক : বাগৰি পৰা গছ কাটি পথ মুকলি হোজাইৰ উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৬ মে: তীব্ৰ বৰষুণৰ ফলত উপচি পৰে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াত হোজাই জিলাৰ নৈপৰীয়া প্ৰায় ৪৪ খন গাঁও জলমগ্ন হয় । এই বান পীড়িত সকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ আতংকৰ মাজতে হোজাই আৰক্ষীৰ এক কাণ্ডৰ বাবে সামাজিক মাধ্যমত ব্যাপক চর্চা হৈছে । কপিলীৰ পানী যোগী নৈৰে সুমাই হোজাই ৰাইকটাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাত সেই অঞ্চলৰ লোক সকলে নিজৰ প্ৰাণ আৰু সা সম্পদ ৰক্ষাৰ বাবে কষ্ট কৰি থকাৰ সময়তে কালি বিয়লি হোজাই আৰক্ষীৰ এখন বাহনে চাইৰেন বজায় অঞ্চল বাসীক আৰু আতংকিত কৰাৰ লগতে সামগ্ৰী কঢ়িয়াই থকা লোক সকলৰ গাত পথত জমা হৈ থকা পানী ছটিয়াই থৈ যোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে । যিটো সময়ত জিলাৰ আৰক্ষী প্ৰশাসনৰ মুৰব্বী আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থই জলবন্দী উদ্ধাৰত নামি পৰিছিল সেই সময়তে হোজাই আৰক্ষীৰ বান পীড়িত সকলৰ প্ৰতি এনে কাণ্ডই বান পীড়িত সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইফালে বানত জিলাখনৰ সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বান পীড়িত অঞ্চলৰ ৰাইজে এবাৰো দৰ্শন নোপোৱা বিষয়টোও সামাজিক মাধ্যমত চৰ্চিত হৈছে । যিটো সময়ত জিলা প্ৰশাসনৰ মূৰব্বী জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে বিগত তিনি দিন ধৰি বানাক্ৰান্ত সকলৰ খা খবৰলৈ প্ৰয়োজনীয় ৰিলিফৰ ব্যৱস্থা কৰি জলবন্দী উদ্ধাৰৰ উপৰিও আজি দিনৰ ভাগত হোজাই আৰু পশ্চিম কাৰ্বিআংলং জিলা সংযোগী পথৰ ওপৰত বাগৰি পৰা গছ কাটি পথ মুকলি কৰা কামত নিজে লাগি পৰিছে সেই সময়ত ৰাজহ চক্ৰ বিষয়া জনক স্থানীয় ৰাইজে এবাৰো নেদেখা বিষয়টোক লৈ বিষয়া জন সমালোচিত হৈছে ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like