নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ৭.৮৬ লাখ কোটি টকা লোকচান

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ  দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন ঘটিছে৷ বিতর্কিত তিনি কৃষি আইন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রত্যাহাৰৰ ঘোষণা কৰাৰ পাছতেই শ্বেয়াৰ বজাৰত নেতিবাচক প্রভাৱ পৰিছে৷ চলিত বর্ষৰ এপ্রিল মাহৰ পাছত শ্বেয়াৰ বজাৰ সর্বাধিক নিম্নগামী হৈছে৷ বি এছ ই ছেনছেক্স ১১৭০ পইণ্ট নিম্নগামী হৈ বজাৰ সামৰণি পৰে ৫৮,৪৬৫.৮৯ত৷ তেনেদৰে এন এছ ই নিফটী ৩৪৮.২৫ পইণ্ট নিম্নগামী হৈ বজাৰ সামৰণি পৰে ১৭,৪১৬.৫৫ত৷ বজাৰ আৰম্ভণি হোৱাৰ পাছৰ পৰাই বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটী দ্রুতগতিত নিম্নগামী হ’বলৈ ধৰে আৰু বজাৰ সামৰণিৰ পৰত বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটী প্রায় দুই শতাংশকৈ লোকচানৰ সন্মুখীন হয়৷ ৩০ শ্বেয়াৰযুক্ত বি এছ ই ছেনছেক্সত আজি সর্বাধিক লোকচানৰ সন্মুখীন হৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রী৷ ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীয়ে আজি বজাৰত চাৰি শতাংশতকৈ অধিক হেৰুৱাবলগীয়াত পৰে৷

মন কৰিবলগীয়া যে ছৌদি আৰামকোৰ সৈতে ১৫ বিলিয়ন মার্কিন ডলাৰৰ প্রস্তাৱিত চুক্তি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীয়ে বাতিল কৰাৰ ফলতেই আজি শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন হয় কোম্পানীটো৷ ৰিলায়েঞ্চৰ উপৰি বাজাজ ফাইনেঞ্চ, বাজাজ ফিনছার্ভ, এন টি পি চি, এছ বি আই, কোটাক বেংক আৰু টাইটান লোকচানৰ সন্মুখীন হয়৷ ইয়াৰ বিপৰীতে ভাৰতীয় এয়াৰটেল, এছিয়ান পেইণ্টছ, পাৱাৰগ্রিড আৰু ইণ্ডাছইণ্ড বেংক লাভান্বিত হৈছে৷ ইপিনে, শ্বেয়াৰ বজাৰত অভাৱনীয় পতন ঘটাৰ ফলত বিগত এপ্রিল মাহৰ পাছত ডালাল ষ্ট্রীটত বিনিয়োগকাৰী সর্বাধিক লোকচানৰ সন্মুখীন হয়৷ আজিৰ দিনটোতেই বিনিয়োগকাৰীৰ সম্পত্তি ৭.৮৬ লাখ কোটি টকা হ্রাস পায়৷ অর্থাৎ বিনিয়োগকাৰীয়ে ৭.৮৬ লাখ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আজি লোকচানৰ সন্মুখীন হৈছে আই পি অ’ বিনিয়োগকাৰীও৷ দেশৰ শ্বেয়াৰ বজাৰৰ লগতে এছিয়াৰ কেইবাখনো দেশৰ শ্বেয়াৰ বজাৰো নিম্নগামী হৈছে৷ হংকঙৰ শ্বেয়াৰ বজাৰ লোকচানেৰে সামৰণি পৰিছে৷ অৱশ্যে টকিঅ’, চাংঘাই আৰু ছিউলৰ শ্বেয়াৰ বজাৰ কিছু ইতিবাচক৷

You might also like