নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত চৰকাৰী তথ্যৰ বিপৰীত ছবি : অধিকাংশ বানাক্ৰান্তই পোৱা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য, চিকিৎসা

নিয়মীয়া বার্তা, ২৫ জুন :- হোজাইত বানাক্ৰান্তক চৰকাৰী সাহায্যৰ তথ্যৰ বিস্ফোৰক ছবি পোহৰলৈ আহিছে । হোজাইৰ ক্ষেত্ৰভিত্তিক সন্ধানত পোহৰলৈ আহিছে এই ভয়ানক তথ্য । ইফালে চৰকাৰী ভাবে এই বানাক্ৰান্ত সকলৰ বাবে প্ৰদান কৰা বান সাহায্যৰ তালিকা দৈনিক জিলা প্ৰশাসনে প্ৰদান কৰি আহিছে যদিও বাস্তৱত এই বান সাহায্য যে বানাক্ৰান্তৰ ওচৰ পোৱা নাই সেই তথ্য সাংবাদিকৰ ক্ষেত্ৰ ভিত্তিক অভিযানত পোহৰলৈ আহিছে । সাংবাদিকৰ দলৰ এই অভিযান কালত হোজাই ৰাজহ চক্ৰৰ অধীনত অসমীয়া কৈৱত্য সম্প্ৰদায়ৰ লোক বাস কৰা দক্ষিণ কেন্দুগুৰিৰ ১৪০ টা পৰিয়ালে আজিকোপতি একো চৰকাৰী সাহায্য লাভ নকৰাৰ তথ্য পোহৰলৈ আহে । এই গাঁওখনত বিগত প্ৰথমটো বানত চৰকাৰৰ তৰফৰ পৰা বাৰ লিটাৰ মিঠাতেলৰ লগতে অন্যান্য সামগ্ৰী যোগান ধৰিছিল যদিও দ্বীতীয়টো বানত নিজৰ ঘৰ বাৰীৰ লগতে সকলো সামগ্ৰী কপিলীৰ বানত হেৰুৱাই ৰাজহুৱা নামঘৰত আশ্ৰয় লোৱা লোকসকলক চৰকাৰী সাহায্য দূৰৰে কথা আনকি কোনো চৰকাৰী লোকে খবৰ এটাও কৰা নাই । বানাক্ৰান্ত সকলে বিগত প্ৰায় এঘাৰ দিনে অনাহাৰে কটোৱাৰ দৰে জীৱন কতাইছে । প্ৰথমটো বানত এই বানাক্ৰান্ত সকলে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে আদি কৰি প্ৰশাসনৰ লোকে তেওঁলোকক বহু সহায় কৰা কথা ব্যক্ত কৰে যদিও দ্বীতীয় বানত ইয়াৰ ওলোটা ছবি প্ৰকাশ কৰে বানাক্ৰান্ত সকলে । এই গাঁওখনৰ সমীপৰ একেই সম্প্ৰদায়ৰ লোকৰ গাঁও কেন্দুগুৰিৰ ৫০ ঘৰ বানাক্ৰান্তই বিগত ন দিনৰ মূৰত সামান্য পৰিমাণৰ চৰকাৰী খাদ্য সামগ্ৰী লাভ কৰিছে । কেন্দুগুৰি বজাৰৰ কাষৰ এটা আশ্ৰয় শিবিৰৰ প্ৰায় ডেৰশ জনীয়া এই বানাক্ৰান্ত সকলে এই সামান্য পৰিমাণৰ চৰকাৰী সাহায্য লাভ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । ইফালে হোজাই ৰাজহ চক্ৰৰ ৰাইকাটা, চন্দনপুৰ, ৱাৰীগেডিং, এক নং তৰাডুবি, ব্ৰজপুৰ, বিষ্ণুপূৰ আদি অঞ্চলৰ বানাক্ৰান্ত সকলেও সাংবাদিকৰ আগত সময়মতে পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী বান সাহায্য নোপোৱাৰ অভিযোগ কৰে । এই বানাক্ৰান্ত সকলে আজিকোপতি কোনো চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ কৰে যদিও চৰকাৰী তথ্য মতে, কেইবাটাও চিকিৎসকৰ দলে বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা কৰা তথ্য প্ৰকাশ কৰি আহিছে । কোনো কোনো অঞ্চলত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে বানাক্ৰান্ত সকলৰ এই বিপদৰ সময়ত খবৰ নকৰাৰ অভিযোগ কৰে । ইফালে আজিৰ চৰকাৰী তথ্য মতে আজি হোজাইৰ হোজাই, লংকা আৰু ডবকা ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৩ খন গাওঁ বৰ্তমান বানৰ কবলতে আছে। বৰ্তমান বানাক্ৰান্ত সংখ্যা ২৫৯৮ জন। ৩৯২ হেক্টৰ কৃষিভূমি এতিয়াও বানৰ কবলতে আছে। আজি মুঠ ৮টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত সংখ্যা হৈছে ৮১৭ জন আৰু ৫ টা সাহাৰ্য সামগ্ৰী বিতৰণ কেন্দ্ৰৰ জৰিয়তে খাদ্যকে ধৰি সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছে। চিকিৎসা সাহাৰ্যকাৰী ১২ টা দলৰ যোগেদি চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। আজিৰ তথ্য অনুসৰি স্হানীয় লোকৰ ৫ খন নাও বানাক্ৰান্ত ৰাইজৰ খাদ্য আৰু সাহাৰ্য সামগ্ৰী বিতৰণৰ বাবে সক্ৰিয় কৰি ৰখা হৈছে। আজিৰ চৰকাৰী তথ্য মতে বানত আক্ৰান্ত হৈ ২টা পশুধনৰ মৃত্যু হৈছে।এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা ৮৮৪ কুইণ্টল পশুখাদ্যৰ যোগান ধৰা হৈছে ।

প্ৰেৰক:-কিশলয় ডি গোস্বামী

You might also like