নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ‘মোদী@২০’ শীৰ্ষক গ্ৰন্থ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘মোদী@২০ঃ ড্ৰীমছ্ মিট্ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীত্বৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী তথা চৰকাৰৰ মুৰব্বী হিচাপে ২০২১ বৰ্ষত বিশ বছৰ সম্পূৰ্ণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২০০১ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ২০১৪ চনত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ আগলৈকে সেইপদত অধিষ্ঠিত হৈ থাকে৷ ২০১৯ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়৷ তেওঁৰ নিৰন্তৰ কৃতিত্ব আৰু দৃঢ়তাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে প্ৰকাশিত ‘মোদী@২০ঃ ড্ৰীমছ মিট্ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন আজি অসমত উন্মোচনৰ সাক্ষী হৈ ৰ’ল ৰাজ্যবাসী৷ ৰূপা পাব্লিকেশ্যন ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন নন্দন নিলেকানি, সুধা মূৰ্তি, সদগুৰু, পি ভি সিন্ধু, অমিশ ত্ৰিপাঠী আদি বিশিষ্ট বুদ্ধিজীৱী তথা লেখকৰ ৰচনাৰে সমৃদ্ধ৷ বিগত ২০ বছৰ ধৰি চৰকাৰৰ মুৰব্বী হিচাপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে যি মৌলিক ৰূপান্তৰৰ মাজেৰে অতিক্ৰম কৰিছে, তাৰ বিষদ বিবৰণ আৰু চিত্ৰণ কৰি প্ৰথিতযশা সাহিত্যকসকলৰ দ্বাৰা ৰচনা কৰা অধ্যায়সমূহৰ সংকলনেই হৈছে এই গ্ৰন্থখন৷ গ্ৰন্থখনত মোদীৰ শাসনৰ আৰ্হিৰ বিষয়েও বিষদভাৱে উল্লেখ কৰা হৈছে আৰু ইয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ জীৱনক স্পৰ্শ কৰিছে৷

গ্ৰন্থ উন্মোচনী উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ‘মোদী@২০ঃ ড্ৰীমছ্ মিট্ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন নিঃসন্দেহে এখন উৎকৃষ্ট গ্ৰন্থ৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা দুটা দশকৰ যাত্ৰাক সামৰি লোৱা এই গ্ৰন্থখন প্ৰকৃততে সম-সাময়িক ভাৰতৰ এক তথ্য সমৃদ্ধ ঐতিহাসিক নথি৷ যুগান্তকাৰী এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই তেওঁ অতিশয় সুখী আৰু গৌৰৱান্বিত বুলি উল্লেখ কৰে৷ তেওঁ কয় যে ২০০১ চনৰ জ্জ অক্টোবৰত নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সমগ্ৰ দেশতে ‘গুজৰাট আৰ্হি’ হিচাপে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰে৷ কৃষিকে ধৰি সকলো খণ্ডতে ৰূপান্তৰমুখী দিশ মুকলি কৰি নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আৰ্হিক বিশ্বৰ সন্মুখত সফলতাৰ কাহিনী হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে৷ প্ৰায় চাৰিটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ পিছত দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশীৰ্বাদ আৰু সহযোগিতাত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল৷ ২০১৮ চনৰ আগতে কেন্দ্ৰত কোনো চৰকাৰে সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ অহা নাছিল৷ কিন্তু এই পৰিঘটনাৰ অন্ত পেলাই বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিৰংকুশ সংখ্যাগৰিষ্ঠাতাৰে ক্ষমতালৈ অহাৰ লগে লগে নৰেন্দ্ৰ মোদীয়ে এই পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে৷
বহু সমালোচকে কয় যে বিজেপিৰ প্ৰতি জনসমৰ্থন জনসাধাৰণৰ সাময়িক আবেগৰ প্ৰতিফলন আছিল৷ তেওঁলোকৰ মতামত আছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক দেখুৱাই দিয়া সপোন আৰু আশাবোৰ কেতিয়াও পূৰণ কৰিব নোৱাৰে৷ কিন্তু সমালোচকৰ এই মতামতক ভুল বুলি প্ৰমাণ কৰি ২০১৯ চনত সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণৰ অধিক সমৰ্থনেৰে পুনৰ নিৰ্বাচিত হৈছিল৷ যিটো বিগত পাঁচ দশকত এক অভূতপূৰ্ব আছিল৷ ২০১৯ চনত সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ প্ৰতি যি জনাদেশ দিয়া হৈছিল সেয়া নিঃসন্দেহে দেশৰ জনসাধাৰণক দেখুৱাই দিয়া সপোন আৰু আশাৰ পূৰ্ণতাৰ প্ৰতিফলন আছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, এক্সিছ মাই ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক প্ৰদীপ গুপ্তা, অলিম্পিক পদক প্ৰাপ্ত বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু, অলিম্পিক পদক প্ৰাপ্ত বক্সাৰ লাভলীনা বৰগোহাঁই, এছিয়ান গেমছ পদকপ্ৰাপ্ত দৌৰবিদ হিমা দাস, সংগীত শিল্পী আৰু সুৰকাৰ অংগৰাগ পাপন মহন্ত, বিশিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টিকাৰী দৌৰবিদ অম্লান বৰগোহাঁই প্ৰমুখ্যে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like