নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্যক জনপ্রিয় ৰূপ দিব পৰাৰ অপূর্ব শক্তি আছিল বৰগোহাঞিৰ

কথাশিল্পী হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ অনুষ্ঠানত ড০ ধ্রুৱজ্যোতি বৰা

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ প্রথিতযশা সাহিত্যিক, চিন্তাবিদ, নিবন্ধকাৰ, সমালোচক, সাংবাদিক হোমেন বৰগোহাঞিৰ জনপ্রিয়তাৰ গুৰি আছিল সাহিত্যক এক অন্য ৰূপ দিয়াৰ শক্তিৰ বাবে৷ ভাষাৰ ওপৰত তেওঁৰ যি অপূর্ব দখল আছিল, বিশেষকৈ ভাষিক–সামাজিক দিশৰ পৰা অসমীয়া ভাষাক তেওঁ সমৃদ্ধ কৰি গৈছে৷ সাহিত্যক জনপ্রিয় ৰূপ দিব পৰাৰ অপূর্ব শক্তি আছিল তেওঁৰ৷ –এই মন্তব্য অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাৰ৷

প্রথিতযশা সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিৰ ছমহীয়া মৃত্যুতিথিত অনুগামী মনোজ কুমাৰ গোস্বামী, পৱিত্র বৰা, অমল দাস, গীতিমালিকা নেওগ আৰু দিগন্ত দাসে আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত বৰগোহাঞিলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ডাঃ বৰাই কয়– প্রয়াত সাংবাদিকগৰাকীয়ে প্রায় ৯টা দশক ধৰি এটা নির্দিষ্ট দিশত জীৱন পৰিচালনা কৰিছিল৷ তেওঁ নিজে স্বপ্ণদ্রষ্টাই নাছিল, আনকো পথ দেখুৱাব পৰা লোক আছিল৷ আধুনিক পৃথিৱীৰ লগত অসমীয়া সাহিত্যক তেওঁ চিনাকি কৰি দিছিল৷ এজন সাহিত্যিক হিচাপে কেৱল সাহিত্য চর্চাই নহয়, নির্দিষ্ট চিন্তাধাৰা অতিক্রম কৰি মানুহক সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছিল৷ বিশেষকৈ নতুন চামক তেওঁ সাংঘাতিকভাৱে অনুপ্রাণিত কৰিছিল৷ আমাৰ সময়ত আটাইতকৈ জনপ্রিয় লেখক কোন আছিল বুলি সুধিলে নিশ্চিতভাৱে সেয়া হোমেন বৰগোহাঞি৷ তেওঁৰ এই জনপ্রিয়তাৰ গুৰি আছিল সাহিত্যক এক জনপ্রিয় ৰূপ দিয়াৰ অপূর্ব শক্তি৷ ভাষাৰ ওপৰত থকা তেওঁৰ দখল আৰু ভাষা ব্যৱহাৰত তেওঁৰ যি ক্ষমতা আছিল, সেই শক্তিয়ে অসমীয়া সাহিত্যক অত্যন্ত উন্নত কৰি গৈছে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰৱর্তী সময়ত আধুনিক অসমীয়া ভাষাৰ যি কঠিন ভাবধাৰা আছিল, তাক প্রাঞ্জলভাৱে প্রকাশ কৰাৰ এক অপূর্ব ক্ষমতা আছিল তেওঁৰ আৰু সেই সৃষ্টিৰাজি বৰগোহাঞিয়ে আমাক দি থৈ গৈছে৷ তেওঁ আছিল সাহিত্য সংগঠক৷

বিশেষকৈ অসমৰ প্রকৃতি সংৰক্ষণৰ আন্দোলনক হোমেন বৰগোহাঞিয়ে নেতৃত্ব দিছিল৷ প্রকৃতিৰ প্রতি প্রেম, প্রকৃতিৰ প্রতি সচেতনতা আৰু প্রকৃতি সংৰক্ষণৰ প্রয়োজনীয়তা বৰগোহাঞিৰ চিন্তা–চেতনাৰ অন্যতম গুৰুত্বপূর্ণ বিষয় আছিল৷ সাহিত্যিক হিচাপে সামাজিক দিশত তেওঁ আছিল অতন্দ্র প্রহৰী৷ এগৰাকী সাংবাদিক হিচাপে সীমাবদ্ধতাই তেওঁক কেতিয়াও অৱনমন কৰা দেখিবলৈ পোৱা নগৈছিল৷

উল্লেখ্য যে বিশিষ্ট সাহিত্যিকগৰাকীৰ ব্যক্তিত্ব আৰু জীৱন পৰিক্রমা সন্দর্ভত আলোচনা কৰাৰ বাবে দিছপুৰৰ ডি পি আৰ চি চৌহদত আয়োজন কৰা এই স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক–গল্পকাৰ মনোজ কুমাৰ গোস্বামী, বিশিষ্ট প্রকাশক মৃত্যুঞ্জয় দত্ত, মুখ্যমন্ত্রীৰ প্রাক্তন মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, লেখক বিশ্বদীপ বৰুৱা, গোপাল জালান, ডি পি আৰ চিৰ পৰিচালন সঞ্চালক দিগন্ত দাস, ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, কার্যবাহী সম্পাদক অমল দাস, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, ডি ৱাই ৩৬৫ৰ কার্যবাহী সম্পাদক প্রাণজিৎ শইকীয়া, ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শর্মা, ফটো সাংবাদিক অনুপম নাথৰ লগতে কেইবাজনো সাংবাদিক তথা বিশিষ্ট ব্যক্তি৷ পৱিত্র বৰা আৰু গীতিমালিকা নেওগে আঁত ধৰা অনুষ্ঠানটোত সমাজক সাহিত্যৰ মাধ্যমেৰে উজ্জীৱিত কৰা প্রয়াত হোমেন বৰগোহাঞিৰ মৃত্যুতিথিত আজি আৰম্ভণিতে নাম–প্রসংগৰ আয়োজন কৰা হয়৷
‘নিয়মীয়া বার্তা’ কার্যালয়ত হোমেন বৰগোহাঞিক স্মৰণ
বিশিষ্ট ঔপন্যাসিক, সাহিত্যিক, সাংবাদিক প্রয়াত হোমেন বৰগোহাঞিক আজি তেওঁৰ ছমহীয়া মৃত্যুতিথিত ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত স্মৰণ কৰে সাংবাদিক–কর্মচাৰীস্৷ ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যালয়ত বৰগোহাঞিৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে সাংবাদিক–কর্মচাৰীসকলে প্রয়াত সাহিত্যিকগৰাকীক স্মৰণ কৰে৷

You might also like