নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৭.৮ শতাংশ ফলপ্রসূ ভাৰত বায়’টেকৰ ক’ভাক্সিন

মেডিকেল জার্নেল দ্য লানচেটৰ প্রতিবেদন

 নিয়মীয়া বাৰ্তা  ১২ নৱেম্বৰঃ দেশীয়ভাৱে বিকশিত আৰু উৎপাদিত ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱাৰ পাছতেই মেডিকেল জার্নেল দ্য লানচেটত ক’ভাক্সিনৰ ফলপ্রসূতাক লৈ প্রতিবেদন প্রকাশ পাইছে৷ প্রতিবেদনত প্রকাশ পোৱা মতে, উপসর্গযুক্ত ক’ভিড–১৯ৰ বিৰুদ্ধে ক’ভাক্সিনৰ ফলপ্রসূতা ৭৭.৮ শতাংশ৷ ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ ডাটা লানচেটত প্রকাশিত অনুসৰি ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ৰ সকলো প্রকৰণৰ বিৰুদ্ধে ক’ভাক্সিনৰ ফলপ্রসূতা ইতিবাচক৷ উপসর্গবিহীন ক’ভিড–১৯ত আক্রান্তৰ বিৰুদ্ধে এই ভেকচিনটোৰ ফলপ্রসূতা ৬৩.৬ শতাংশ আৰু ডেল্টা প্রকৰণৰ বিৰুদ্ধে ৬৫.২ শতাংশ নিৰাপদ৷

আনপিনে গভীৰ উপসর্গযুক্ত ক’ভিড–১৯ত আক্রান্তৰ বিৰুদ্ধে ক’ভাক্সিন ৯৩.৪ শতাংশ ফলপ্রসূ হোৱাৰ সম্ভাৱনাও বিশ্লেষণত প্রকাশ কৰা হৈছে৷ গুৰুত্বপূর্ণ যে ভাৰত বায়’টেকৰ ক’ভাক্সিন বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন ব্যৱহাৰত অনুমোদন নজনোৱাৰ পূর্বেই ভাৰতকে ধৰি বিভিন্ন দেশত এই ভেকচিনটোৰ ফলপ্রসূতাৰ ওপৰত সন্দেহ বিয়পিছিল৷ পৰিণতিত কিছুসংখ্যক দেশে এই ভেকচিন লোৱা লোকক দেশ ভ্রমণত বিশেষ নির্দেশনা জাৰি কৰিছিল৷ পিছলৈ পলমকৈ হ’লেও বিশ্ব স্বাস্থ্য সংস্থাই ক’ভাক্সিন জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱাৰ পাছত সম্প্রতি এই ক’ভাক্সিন বিশ্বৰ ৯০খনতকৈ অধিক দেশত প্রয়োগৰ অনুমতি জনোৱা হৈছে৷ লক্ষণীয় যে ক’ভাক্সিন হৈছে বিশ্বৰ ক’ভিড–১৯ ভেকচিনৰ সবাতোকৈ প্রচাৰিত ভেকচিন৷

You might also like