নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: আর্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব৷ কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে৷ চাকৰিয়ালসকলৰ শুভ৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
বৃষ: নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ প্রেমত অগ্রগতি হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
মিথুন: কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব৷ স্বাস্থ্যৰ ক্ষেত্রত সামান্য দুশ্চিন্তা৷ প্রেমত সন্দেহৰ কাৰক৷ পাৰিবাৰিক দিশত অশান্তি৷ বিদ্যাত শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷
কর্কট: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ প্রেমত উৎসাহ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৯৷
সিংহ: ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্রত শুভ প্রভাৱ পৰিব৷ নতুন কর্মপ্রেৰণা পাব৷ স্বামী–স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে৷ প্রেমত আৱেগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
কন্যা: ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি৷ আকস্মিক দুর্যোগ–দুর্ঘটনাৰ দ্বাৰা অমংগল সূচিত হ’ব৷ প্রেমত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷
তুলা: ব্যৱসায়ত পৰিকল্পিত অগ্রসৰত কিছু বাধা৷ কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব৷ নিবনুৱাৰ কর্মলাভৰ যোগ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৪৷
বৃশ্চিক: অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব৷ কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ৷ প্রেম–প্রণয়ত শুভ৷ বিদ্যাত জটিলতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
ধনু: দিনটোত ধন কষ্ট পাব৷ ভাই–ভনীৰ পৰা সমাদৰ লাভ কৰিব৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে৷ প্রেমত সতর্কতাৰ প্রয়োজন৷ বিদ্যাত বাধা৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মকৰ: নতুন প্রতিষ্ঠিত ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো শুভ৷ গৱেষণামূলক কাম–কাজত প্রতিভাৰ বিকাশ ঘটিব৷ সন্তানৰ কর্মতৎপৰতাই আপোনাক আনন্দিত কৰিব৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৩৷
কুম্ভ: আর্থিক দিশত জটিলতা নাই৷ আয় বৃদ্ধিৰ কাৰকতা৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক৷ সৰু–সুৰা ৰোগত দেহ কষ্ট পাব৷ প্রেমত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
মীন: আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব৷ উচ্চপদস্থ কর্মচাৰীসকলৰ বাবে অনুকূল সময়৷ প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

You might also like