নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত ৪১,৬৪৯

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা এদিনত ৩০ হাজাৰৰ তললৈ নিম্নগামী হোৱাৰ পাছত পুনৰ সংক্রমণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত চাৰিদিন ধৰি দেশত আক্রান্তৰ সংখ্যা ৪০ সহস্রাধিক হৈ আছে৷

যোৱা ২৪ ঘণ্টাত ক’ভিড পজিটিভ ৪১,৪৬৪৯গৰাকী৷ ইয়াকে লৈ মুঠ আক্রান্তৰ সংখ্যা ৩,১৬,১৩,৯৯৩গৰাকীলৈ বৃদ্ধি পালে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত ৫৯৩গৰাকী লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৪,২৩,৮১০ লৈ বৃদ্ধি পালে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,০৮,৯২০৷ অর্থাৎ মুঠ আক্রান্তৰ ১.২৯ শতাংশ৷ আনপিনে, দেশত সুস্থতাৰ হাৰ ৯৭.৩৭ শতাংশ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশৰ দৈনিক পজিটিভিৰ হাৰ ২.৩৪ শতাংশ আৰু দৈনিক পজিটিভিটীৰ হাৰ ২.৪২ শতাংশ৷

You might also like