নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত জলজীৱন মিছনৰ আচনি শুভাৰম্ভ মন্ত্ৰী ৰণ্জিৎ দাসৰ

একেলগে একলাখ পচিশ হাজাৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানী

নিয়মীয়া বাৰ্তা ৩১জুলাই: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে জলজীৱন মিছনৰ অধীনত ছিপাঝাৰৰ নাৰিকলিত এটা পৰিয়ালৰ গৃহ স‌যোগী ব্যৱস্থাৰ শুভাৰম্ভ কৰি আজি সমগ্র ৰজ্যত মুকলি কৰে “কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামুহিক উদ্বোধনী” পৰ্বৰ।মন্ত্ৰী গৰাকীয়ে ছিপাঝাৰত আচনিখনৰ শুভাৰম্ভ কৰাৰ
লগে লগে সমগ্ৰ ৰাজ্যতে আজিৰে পৰা (১২৫০০০ )এক লাখ পচিশ হাজাৰ পৰিয়ালে ঘৰে ঘৰে লাভ কৰিব বিশুদ্ধ খোৱাপানী‌।মন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোক অসম বাসীৰ বাবেই এক ঐতিহাসিক আখ্যা দিয়ে । লক্ষণীয় যে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে ছিপাঝাৰৰ নাৰিকলিৰ এটা পৰিয়ালৰ গৃহ সংযোগ আনুষ্ঠানিক ভাবে মুকলি কৰাৰ সমান্তৰালভাবে ৰাজ্যৰ প্ৰতিখন জিলাতে অন্যান্য মন্ত্ৰী ,বিধায়ক তথা জনস্বাস্য কাৰীকৰী বিভাগৰ বিষয়াই আচনিসমুহ মূকলি কৰে। এই উপলক্ষে ছিপাঝাৰ বিধান সভা সমষ্টিৰ নাৰিকলিত সমষ্টি টোৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত উক্ত আচনি খন আনুষ্ঠানিক ভাবে মুকলি কৰি মন্ত্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰা মতে বিভাগটোৱে জুলাই মাহত নব্বৈ হাজাৰ পৰিয়ালক টাৰ্গেট কৰি লোৱাৰ বিপৰীতে আজিৰ দিনটোত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগদৰ্শনৰ বাবেই অভিলেখ সংখ্যক একলাখ পচিশ হাজাৰ লোকক সামৰি লবলৈ সক্ষম হয়। আনহাতে ২০২৪ বৰ্ষৰ ভিতৰত প্ৰতিটো পৰিয়ালেই ঘৰে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলিও প্ৰকাশ কৰে।
উপস্থিত ৰাইজক সম্বোধন কৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় যে দৰং জিলাৰ ভূগৰ্ভৰ পানীত থকা আৰ্চেনিক জাতীয় স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা পদাৰ্থ সমূহৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব লোৱাৰ দিনাখনেই থিৰাং কৰিছিল যে ছিপাঝাৰ সমষ্টি তথা দৰং জিলাক তেখেতে বিশেষ গুৰুত্ব প্ৰদান কৰিব । তেখেতে এই আঁচনিৰ দ্বাৰা দৰং জিলাৰ বাসিন্দাসকলে খোৱাপানীৰ পৰা উদ্ভব হ’ব পৰা বিভিন্ন ধৰণৰ অচিণ ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব বুলি আশা ব্যক্ত কৰে । মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি যাতে প্ৰত্যেক খন জিলাতে ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় মন্ত্ৰীৰ পৰা সময়ে সময়ে ইয়াৰ খতিয়ান লৈ থাকে । মন্ত্ৰী গৰাকীয়ে লগতে জিলাখনত এই আঁচনিৰ এতিয়ালৈকে হোৱা অগ্ৰগতিৰ বাবে জিলা প্ৰশাসন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে দেখুৱা দক্ষতাৰ শলাগ লৈ আগন্তুক দিনত একেই ধৰণে বাকী ৰোৱা কাম খিনি সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনায় ।
উক্ত অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে মন্ত্ৰী গৰাকীক দৰং জিলা তথা ছিপাঝাৰ সমষ্টিবাসীৰ প্ৰতি থকা তেখেতৰ মৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয়‌‌ যে ২০২৪ লৈকে যাতে প্ৰত্যেকটো ঘৰলৈ পানী যোগান ধৰিব পৰা যায়, জিলা প্ৰশাসনৰ তৰফৰ পৰা সেয়া নিশ্চিত কৰা হ’ব । অনুষ্ঠানত উপস্থিত থাকি ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৰাইজক সম্বোধন কৰি কয় যে এই আঁচনিৰ দৰেই মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে আৰু বহু কল্যানমূলক আঁচনি জনতাৰ সেৱাত উচৰ্গা কৰিবলৈ ওলাইছে, যি বিলাকৰ সফল ৰূপায়ণৰ বাবে প্ৰশাসন, ৰাইজ তথা জনগনে মিলি- জুলি কাম কৰি যাব লাগিব ।উল্লেখযোগ্য ছিপাঝাৰৰ মাৰৈ গাও পঞ্ছায়তৰ অন্তৰ্গত ঐতিহাসিক নাৰিকলি শিৱ মন্দিৰৰ সমীপৰ অজন্তা নাথ নামৰ মহিলাগৰাকীৰ পৰিয়ালৰ গৃহ সংযোগী ব্যৱস্থাৰ মুকলি কৰা এই অনুষ্ঠানত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰু জ্যোতি দাস, জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, সদস্যা মাধৱী দেৱী,জনস্বাস্য কাৰিকৰী বিভাগৰ তেজপুৰ সংমণ্ডলৰ অধীক্ষক অভিযণ্ত্ৰা কমল মেধি, মঙলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযণ্ত্ৰা সঞ্জীৱ শৰ্মাকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে।অনুষ্ঠানৰ আত ধৰে প্ৰাঞ্জল শৰ্মাই।
উল্লেখযোগ্য যে এই আঁচনি আজি ছিপাঝাৰৰ সমান্তৰালকৈ দৰং জিলাৰ আন ৭ টা স্থান – নিজ ডাহী (মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ দ্বাৰা), আথিয়াবাৰিখাত (কলাই গাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস‌ বড়োৰ দ্বাৰা), দলগাঁও গ্ৰান্ত, মেধিপাৰা, দুনী, গাখীৰখোৱাপাৰা, হেতেমতোলা আদি স্হানতো উদ্ধোধন কৰা হয় ।

You might also like