নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত বিশ্বযুদ্ধৰ সৈনিক কেপ্টেইন টম মূৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ নিজৰ বাগিচাত খোজকাঢ়িয়েই স্বাস্থ্য সেৱাৰ বাবে কেইবানিযুত পাউণ্ডৰ বৰঙণি সংগ্রহ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ যোদ্ধা ১০০ বছৰীয়া কেপ্ঢেইন টম মূৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইতিমধ্যে টম মূৰক হাস্পতালত ভর্তি কৰোৱা হৈছে বুলি তেওঁৰ দুহিতাই সংবাদ মাধ্যমক জনাইছে৷

ছ’চিয়েল মিডিয়া টুইটাৰযোগে মূৰৰ দুহিতাই উল্লেখ কৰিছে যে তেওঁৰ পিতৃক হাস্পতালত ভর্তি কৰোৱা হৈছে৷ বিগত কেইবাসপ্তাহ ধৰি কেপ্ঢেইন মূৰে নিউমুনিয়াৰ চিকিৎসা গ্রহণ কৰি আছিল৷ যোৱা সপ্তাহত তেওঁ ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হয়৷ কন্যাৰ সৈতে বাসগৃহত থকা মূৰক অতিৰিক্ত সহায় তথা চিকিৎসাৰ বাবে হাস্পতালত ভর্তি কৰোৱা হৈছে৷ অৱশ্যে এতিয়াও মূৰক আই চি ইউত ভর্তি কৰা হোৱা নাই৷

স্মর্তব্য যে ক’ভিড–১৯ৰ সংক্রমণৰ আৰম্ভণিৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ বিষয়টো লৈ সজাগতা সৃষ্টি কৰি মূৰে ব্রিটিছবাসীৰ পৰা বৃহৎ অংকৰ ধনৰাশি দান হিচাপে সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

You might also like