নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ- দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃষ- বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মতবিৰোধ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৫৷
মিথুন- পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
কর্কট- পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্র বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷
সিংহ- ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ প্রেমত আনন্দ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷
কন্যা- কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাপ্রাপ্ত হ’ব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
তুলা- প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
বৃশ্চিক- কর্মক্ষমসকলে অসুবিধাৰ মজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
ধনু- খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷
মকৰ- ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
কুম্ভ- পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷
মীন- কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ প্রেম–প্রণয়ত সাময়িক বাধা৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৪৷

You might also like